- প্ৰাক্তন সাংসদ, প্ৰদেশ কংগ্ৰেছৰ প্ৰাক্তন সভাপতি ৰিপুন বৰাৰ সংবাদ মেল।
- নতুন দিল্লীস্থিত তৃণমূল কংগ্ৰেছৰ মুখ্য কাৰ্যালয়ত সংবাদ মেল সম্বোধন ৰিপুন বৰাৰ।
- কংগ্ৰেছ ত্যাগ কৰি তৃণমূল কংগ্ৰেছত যোগদান কৰাৰ সন্দৰ্ভত এই সংবাদমেল।
- সংবাদ মেলত তেওঁ কয়, কংগ্রেছ দলৰ সৈতে মোৰ সম্পৰ্ক বহুদিনীয়া।
- ৪০ বছৰে কংগ্রেছে মোক বহু দিছে।
- মোৰ ওপৰত বিশ্বাস ৰখাৰ বাবে ছোনিয়া গান্ধী, ৰাহুল গান্ধীক ধন্যবাদ।
- দলৰ জ্যেষ্ঠ কংগ্রেছীসকলৰ মাজত মতানৈক্য আছে।
- যাৰ বাবে কংগ্রেছ দলে বিজেপিৰ বিৰোধিতা কৰাত ব্যৰ্থ হৈছে।
- মমতা বেনাৰ্জীৰ তৃণমূল কংগ্রেছে বিজেপিৰ বিৰোধিতা কৰিব পাৰিছে
- সেই আদৰ্শৰ বাবেই মই তৃণমূল কংগ্রেছত যোগদান কৰিলো।
- তৃণমূল কংগ্ৰেছ অসমত 'অসম তৃণমূল কংগ্রেছ' হিচাপে পৰিচিত হ'ব।
- মমতা বেনাৰ্জীৰ বলিষ্ঠ নেতৃত্বত অসমত শক্তিশালী তৃণমূল কংগ্রেছ হ'ব।