অসম

যাত্ৰী নহয়, অসমত এতিয়াৰে পৰা যাত্ৰীবাহী ৰে’লত থাকিব আইছ’লেশ্যন কক্ষ, ৰাখিব কোৰোনাৰ ৰোগীক…

asomiyapratidin

ডিজিটেল ডেস্কঃ কোৰোনাৰে যুঁজিবলৈ প্ৰস্তুত ভাৰতীয় ৰে'ল বিভাগ। ইতিমধ্যে ৰে'লৱেয়ে নিৰ্মাণ কৰি উলিয়াইছে আইছ'লেশ্যন কক্ষ। ইয়াৰ বাবে কোনো অট্টালিকা ব্যৱহাৰ কৰা নাই ৰে'লৱেয়ে। কোৰোনাৰ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি ঘোষণা কৰা লকডাউনৰ বাবে দেশত চলোৱা নাই যাত্ৰীবাহী ৰে'ল।

ৰে'লৰ জৰিয়তে যাতে কোনো লোকে যাত্ৰা কৰোতে কোৰোনাৰ সংক্ৰমণ নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি লকডাউনৰ সময়ৰে পৰা বন্ধ কৰি ৰখা হৈছে যাত্ৰীবাহী ৰে'ল। তাৰ বিপৰীতে এতিয়াও মালবাহী ৰে'লে অসমলৈ খাদ্য সামগ্ৰী কঢ়িয়াই আছে।

উত্তৰ পূব সীমান্ত ৰে'লৱেয়ে যাত্ৰীবাহী ৰে'লত নিৰ্মাণ কৰিছে আইছ'লেশ্যন কক্ষ। কোৰোনাৰ বিৰুদ্ধে যুঁজ দিবৰ বাবে কামাখ্যা ষ্টেচনত ৰে'লৰ ডবাত কৰা হৈছে আইছ'লেশ্যনৰ বেৱস্থা। প্ৰতিটো ডবাকে একো-একোটা আইছ'লেশ্যন কক্ষলৈ ৰূপান্তৰিত কৰা হৈছে।

প্ৰতিটো কক্ষতে ৰাখিব পাৰিব ৯গৰাকীকৈ ৰোগীক। কোৰোনা ভাইৰাছৰ বিৰুদ্ধে যুঁজ দিবলৈ অসমত যাতে অসুবিধাৰ সৃষ্টি নহয় তাৰ বাবে এই ব্যৱস্থা কৰিছে উত্তৰ পূব সীমান্ত ৰে'লৱেয়ে। ইফালে ৰে'লসমূহ সুন্দৰকৈ সজাই-পৰাই ৰখা হৈছে।