অসম

মোডীৰ সভালৈ মাজত ২ দিনঃ প্ৰস্তুতি পৰ্যবেক্ষণ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ…

asomiyapratidin

ডিজিটেল ডেস্কঃ আগন্তুক ২৮ এপ্ৰিলত অসম ভ্ৰমণলৈ আহিব দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী। মোডীৰ এই ভ্ৰমণক লৈ ব্যাপক প্ৰস্তুতি চলাইছে ৰাজ্য চৰকাৰে। প্ৰধানমন্ত্ৰী মোডীয়ে ২৮ এপ্ৰিলত ডিব্ৰুগড় আৰু ডিফুত দুখনকৈ ৰাজহুৱা অনুষ্ঠানত অংশগ্ৰহণ কৰিব।

উল্লেখ্য যে মোডীয়ে ডিব্ৰুগড়ত কেঞ্চাৰ হাস্পাতল শুভ উদ্বোধন কৰাৰ লগতে ৰাজ্যৰ বিভিন্ন প্ৰান্তত নতুনকৈ নিৰ্মাণ কৰা কেইবাখনো কেঞ্চাৰ হাস্পতাল ভাৰ্চুৱেলী শুভ উদ্বোধন কৰিব। ইয়াৰ বাবে ইতিমধ্যে ৰাজ্য চৰকাৰে ডিব্ৰুগড় আৰু ডিফুত সাজি উলিয়াইছে বৃহৎ পেণ্ডেল।

ইতিমধ্যে এই দুয়োখন সভাৰ বাবে বিজেপিয়ে কোন কোন জিলাৰ পৰা কিমান মানুহ নিব তাৰ বাবে পৰিকল্পনা প্ৰায় সম্পূৰ্ণ কৰিছে। তিনিচুকীয়া , তেজপুৰ , শিবসাগৰ , যোৰহাট , লক্ষীমপুৰ , ধেমাজী , নগাঁও , ডিব্ৰুগড় , বঙাইগাঁও , গোৱালপাৰা , ধুবুৰী , গুৱাহাটী , বৰপেটা , নলবাৰী , বাক্সা , চিৰাং , দৰং , কোকৰাঝাৰ , বৰাকভেলী , মৰিগাঁও , গোলাঘাট , হোজাই , কাৰ্বিআংলং , শোনিতপুৰ আদিৰ পৰা মানুহ নিবৰ বাবে পৰিবহন মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীক দিয়া হৈছে বিশেষ দায়িত্ব।

পৰিবহন মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে ৰাজ্যৰ বিভিন্ন জিলাৰ পৰা উক্ত দুয়োখন সভালৈ মানুহ নিবৰ বাবে প্ৰায়বোৰ জিলাতেই বাছ, চুপাৰ বাছ, ট্ৰেভেলাৰ , ৭০৯ বাছ , আলট্ৰা , মেজিক আদিৰ ব্য়ৱস্থা কৰিবলৈ পৰিবহণ বিষয়াসকলক নিৰ্দেশ দিছে। সেই নিৰ্দেশনা অনুসৰি প্ৰায় প্ৰতিখন জিলাতেই বাহনসমূহ ৰিকেুৱেশ্য়ন কৰা হৈছে। জানিব পৰা মতে দুয়োখন সভাৰ বাবে মুঠ ৭,১৪৮ খন বাহনৰ প্ৰয়োজন হৈছে।

মোডীৰ সভাত অতি কমেও ৫ লাখ লোকৰ সমাগম হোৱাটো বিচাৰিছে ৰাজ্য চৰকাৰে। সেয়েহে প্ৰতিজন বিধায়ক, মন্ত্ৰীক নিজ নিজ সমষ্টিৰ পৰা মানুহ পঠিয়াবলৈ দায়িত্ব প্ৰদান কৰা হৈছে। ইফালে বতৰে মোডীৰ আগমণৰ পূৰ্বে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কেইবাজনো সতীৰ্থ মন্ত্ৰী তথা বিধায়কক লগত লৈ সোমবাৰে ডিব্ৰুগড়ৰ খনিকৰ আৰু কাৰ্বি আংলঙত অনুষ্ঠিত হ'বলগীয়া সভাস্থলীত উপস্থিত হৈ প্ৰস্তুতি পৰ্যবেক্ষণ কৰে।