অসম

প্ৰিয়ংকা গান্ধীক বিনাচৰ্তে মুক্তিৰ দাবীত গুৱাহাটীত প্ৰদেশ কংগ্ৰেছৰ প্ৰতিবাদ…

asomiyapratidin

ডিজিটেল সংবাদ, গুৱাহাটীঃ প্ৰিয়ংকা গান্ধীক ৰাজপথত অগণতান্ত্ৰিকভাৱে আটক কৰাৰ পিছত বিনাচৰ্তে মুকলি কৰি দিয়াৰ বাবে শুকুৰবাৰে গুৱাহাটীত অসম প্ৰদেশ কংগ্ৰেছ কমিটীয়ে এক প্ৰতিবাদী কাৰ্যসূচী হাতত লয়।

মহানগৰীৰ ৰাজীৱ ভৱনৰ সন্মুখত শতাধিক কংগ্ৰছ কৰ্মীয়ে হাতে হাতে বেনাৰ পোষ্টাৰ লৈ তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে । ইফালে এই প্ৰতিবাদী কাৰ্যসূচীত অংশ গ্ৰহণ কৰা কংগ্ৰেছ কৰ্মী সকলে প্ৰিয়ংকা গান্ধীক মুক্ত কৰক,অগণতান্ত্ৰিক ভাৱে প্ৰশাসন যন্ত্ৰক সহ্য কৰা নহব, আৰক্ষী প্ৰশাসন হায় হায় আদি শ্লোগানেৰে ৰাজপথ উত্তাল কৰি তোলে ।

উল্লেখ্য যে উত্তৰ প্ৰদেশত সোণভদ্ৰাত হোৱা হত্যাকাণ্ডৰ বাবে খবৰ লবলৈ যাওঁতে আৰক্ষীয়ে নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ সম্পাদিকা প্ৰিয়ংকা গান্ধীক বাধা আৰোপ কৰাত ৰাজপথত ধৰ্ণা কাৰ্যসূচী হাতত লৈছিল । যাৰ পৰিণতিত আৰক্ষীয়ে মিৰ্জাপুৰত প্ৰিয়ংকা গান্ধীক আটক কৰিছিল । এই ঘটনাত কংগ্ৰেছ কৰ্মীয়ে ক্ষুব্ধ হৈ দেশজুৰি প্ৰতিবাদী কাৰ্যসূচী লয়।