অসম

আন্ত:ৰাষ্ট্ৰীয় পৰ্যায়ত সোণৰ পদকেৰে উজ্বলিল অসম আৰক্ষীৰ থুনলাই নাৰ্জাৰী…

asomiyapratidin

ডিজিটেল সংবাদ, কোকৰাঝাৰঃ আন্ত:ৰাষ্ট্ৰীয় পৰ্যায়ত পুনৰ সোণৰ পদকেৰে উজ্বলিল কোকৰাঝাৰ জিলাৰ দোতমাৰ ঘিলাগুৰীৰ তথা অসম আৰক্ষীৰ দশম বেটেলিয়নত কৰ্মৰত থুনলাই নাৰ্জাৰী। যোৱা ৮ আগষ্টৰ পৰা ১৮ আগষ্টলৈ চীনৰ চেনডুগুত অনুষ্ঠিত হৈ থকা আন্ত:ৰাষ্ট্ৰীয় আৰক্ষী প্ৰতিযোগিতাত ভাৰতৰ নেতৃত্ব বহন কৰি মঙলবাৰে শ্বটফুটত সোণৰ পদক লাভ কৰে থুনলাই নাৰ্জাৰীয়ে।

থুনলাই নাৰ্জাৰীয়ে সোণৰ পদক লাভ কৰাত গৃহ জিলা কোকৰাঝাৰত আনন্দৰ বন্যা বৈছে আৰু কোকৰাঝাৰৰ আৰক্ষী অধীক্ষক ৰাজেন সিঙে থুনলাই নাৰ্জাৰীক অভিনন্দন জ্ঞাপন কৰি এয়া অসম আৰক্ষীৰ বাবে গৌৰৱৰ বিষয় বুলি মন্তব্য কৰে ।

থুনলাই নাৰ্জাৰী নৱ প্ৰজন্মৰ বাবে অনুপ্ৰেৰণা আৰু থুনলাই নাৰ্জাৰীক অনুসৰণ কৰি ভৱিষ্যতে অসম আৰক্ষীয়ে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত অধিক সোণৰ পদক আজুৰি আনিব বুলি আশা প্ৰকাশ কৰে ৰাজেন সিঙে।

উল্লেখ্য যে, ইয়াৰ পূৰ্বে কাজাকাস্থান আৰু কাৰ্গিস্থানে যুটীয়াভাৱে আয়োজন কৰা ২২ তম আন্ত:ৰাষ্ট্ৰীয় টাটয়ানা কালপাকোভা প্ৰতিযোগিতাতো থুনলাই নাৰ্জাৰীয়ে অংশগ্ৰহণ কৰি শ্ব'টফুটত সোণৰ পদক লাভ কৰি ৰাজ্যলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছিল ।