অসম

ভাল খবৰঃ অসমত ওলাইছে সহস্ৰাধিক চাকৰি, পঢ়ক কোন বিভাগত…

asomiyapratidin

ডিজিটেল ডেস্কঃ বেয়া খবৰবোৰৰ মাজতে ৰাজ্যৰ নিবনুৱাসকলক সকাহ দিব পৰাকৈ এটা খবৰ। বন বিভাগত ১০৮১টা পদৰ নিযুক্তিৰ বাবে শেহতীয়াকৈ ৰাজ্যিক আৰক্ষী নিযুক্তি বৰ্ডে জাৰি কৰিছে এক বিজ্ঞপ্তি। বহুকেইটা পদৰ নিযুক্তিৰ বাবে ২৪মে'ত জাৰি কৰা এই বিজ্ঞপ্তিত উল্লেখ কৰা হৈছে যে, ইচ্ছুক সকলো প্ৰাৰ্থীয়ে অনলাইন যোগে প-পত্ৰ জমা কৰিব লাগিব।

বিজ্ঞপ্তি অনুসৰি,

  • Forester-Iৰ বাবে ১৪৪টা পদ
  • Stenographer (Grade-III)ৰ বাবে ১১টা পদ
  •  Forest Guardsৰ বাবে সৰ্বাধিক ৮১২টা পদ
  • Surveyorৰ বাবে ৩৫টা পদ
  • Mahutৰ বাবে ২৮টা পদ
  • Carpenterৰ বাবে ১টা পদ
  • Driverৰ বাবে ৫০টা পদ

উক্ত ১০৮১টা পদৰ নিযুক্তিৰ বাবে ইচ্ছুক প্ৰাৰ্থীয়ে কিমান তাৰিখৰ ভিতৰত অনলাইন যোগে কি প্ৰক্ৰিয়াৰে প পত্ৰ পূৰণ কৰি জমা দিব লাগিব তাৰ সবিশেষ অসমীয়া প্ৰতিদিন কাকতৰ সোমবাৰৰ সংখ্যাত বিস্তাৰিতভাৱে প্ৰকাশ পাব। প্ৰাৰ্থীসকলে প পত্ৰ পূৰণৰ বাবে কি কি নথি-পত্ৰৰ প্ৰয়োজন হব সেইবিষয়েও উল্লেখ থাকিব সোমবাৰৰ অসমীয়া প্ৰতিদিন কাকতৰ বিজ্ঞাপনত।