অসম

কেৱল লাঠিচালনাতে ব্যস্ত নহয়! কৰ্তব্যৰ মাজতে দৰিদ্ৰ লোকক খাদ্যও বিতৰণ কৰিলে অসম আৰক্ষীয়ে, চাওঁক VIDEO

asomiyapratidin

ডিজিটেল ডেস্কঃ কোৰোনা ভাইৰাছৰ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি ঘোষণা কৰা লকডাউনৰ সময়ত জৰুৰী সেৱাৰে জড়িত প্ৰতিগৰাকী লোকে অশেষ কষ্টসাধ্য কৰিব লগা হৈছে। তাৰ মাজতে কিছু লোকে লকডাউন তথা চৰকাৰ প্ৰশাসনৰ নিৰ্দেশনা অমান্য কৰি আৰক্ষীৰ ৰোষৰ বলি হ'ব লগা হৈছে। পিছে কোৰোনা ভাইৰাছৰ সংক্ৰমণৰ সময়তে নিজ কৰ্তব্যৰ মাজতে একাংশ আৰক্ষী লোকে দৰিদ্ৰ লোকৰ সহায়ৰ বাবে গ্ৰহণ কৰা পদক্ষেপে সকলো লোকৰে দৃষ্টি হৰণ কৰিছে।

কোৰোনা ভাইৰাছৰ সজাগতাৰ লগতে আইন-কানুনৰে জড়িত একাংশ আৰক্ষীৰ লোকে গুৱাহাটীত বিতৰণ কৰিলে খিচিৰি। দৰিদ্ৰ তথা পদপথত থকা লোকসকলক খিচিৰি বিতৰণ কৰিলে আৰক্ষীৰ লোকসকলে। নিজে অত্যাৱশ্যকীয় সেৱাৰে সৈতে জড়িত হৈ এনেদৰে আনৰ বাবে খাদ্যৰ যোগান ধৰা আৰক্ষীৰ লোকসকলৰ এই কামৰ প্ৰশংসা কৰিছে বিভিন্নজনে। গুৱাহাটী সদাব্যস্ত পানবজাৰৰ কটন বিশ্ববিদ্যালয়ৰ সমীপত একাংশ দৰিদ্ৰ লোকক আৰক্ষীয়ে খিচিৰি বিতৰণ কৰে। এই ভিডিঅ' এতিয়া ছ'চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। চাওঁক সেই ভিডিঅ',