অসম

গৰুচোৰৰ ৰূপত শিক্ষকৰ ড্ৰাগছ আসক্ত পুত্ৰ

Asomiya Pratidin

ডিজিটেল সংবাদ , বটদ্ৰৱা : ভয়াৱহ ড্ৰাগছৰ বাবেই ধ্বংস হৈছে ৰাজ্যৰ হেজাৰ পৰিয়াল। বটদ্ৰৱাৰ পশ্চিম অঞ্চলত চলিছে অবৈধ ড্ৰাগছৰ মুকলি বেহা ।

এই ড্ৰাগছৰ বাবেই মঙলবাৰে ভদ্ৰ সমাজক লজ্জানত কৰা এক ঘটনাই জোকাৰি গৈছে বৃহত্তৰ বটদ্ৰৱা অঞ্চল। জানিব পৰা মতে বটদ্ৰৱাৰ বাটমাৰী গাঁৱৰ অৱসৰপ্ৰাপ্ত শিক্ষক আব্দুল মতিনৰ ড্ৰাগছ আসক্ত স্নাতকোত্তৰ পুত্ৰ ৱাছিম আক্ৰাম ওৰফে গুলজাৰ হুছেইনে কদমনি পথাৰ গাঁৱৰ পৰা গৰু চুৰি কৰি লৈ যোৱা অৱস্থাত ৰাইজে হাতে-লোটে আটক কৰে।

যাক লৈ ইতিমধ্যে বৃহত্তৰ বটদ্ৰৱা অঞ্চলত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। একমাত্ৰ ড্ৰাগছৰ বাবেই ভদ্ৰ ঘৰৰ এটি ল'ৰাই চুৰিকাণ্ড সংঘটিত কৰাত সমাজৰ ভয়াবহতাৰ ছবি প্ৰতিফলিত হৈছে। ইতিমধ্যে ৰাইজে আটক কৰা চোৰটোক বটদ্ৰৱা আৰক্ষীক চমজাই দিয়ে।