অসম

নিষ্ঠাবান নেতাক উপেক্ষা, চালানী নেতাৰে নিগম নিকায়ৰ অধ্যক্ষৰ তালিকা, অশোক শৰ্মাৰ দৰে নেতাও পৰিল বাদ, লাউচৰ বেপাৰীৰ কান্ধত সংখ্যালঘু উন্নয়নৰ দায়িত্ব…

asomiyapratidin

ডিজিটেল ডেস্কঃ হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰীৰ দায়িত্ব লোৱাৰ পাছত ৰাজ্যৰ নিগম-নিকায় সমূহৰ ৩৬ জনীয়া যিখন তালিকা প্ৰকাশ কৰিলে তাক লৈ দলটোৰ ভিতৰচৰাতেই তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। তৃণমূল পৰ্যায়ৰ পৰা বিজেপিৰ হৈ দীৰ্ঘদিন কাম কৰি থকা এচাম নিষ্ঠাবান নেতা-কৰ্মীক উপেক্ষা কৰি নতুনকৈ বিজেপিলৈ আগমন হোৱা কিছু সংখ্যক লোকক নিগম নিকায়ৰ বিভিন্ন পদত নিযুক্তি দিয়াৰ পাছত মুকলিকৈ ইয়াক লৈ সমালোচনা কৰিছে দলটোৰ একাংশ নেতাই।

২০১৬চনত নলবাৰীৰ সমষ্টিৰ পৰা নিৰ্বাচিত হৈ অহা অশোক শৰ্মাক ২০২১চনৰ নিৰ্বাচনত প্ৰাৰ্থিত্ব প্ৰদান কৰা নাছিল বিজেপিয়ে। জয়ন্ত মল্ল বৰুৱাক প্ৰাৰ্থিত্ব দি আৰএছএছৰে জড়িত আৰু নিষ্ঠাবান বিজেপিৰ নেতাগৰাকীক টিকটৰ পৰা বঞ্চিত কৰাৰ পাছতো তেওঁ বিনাদিদ্ধাই দলৰ এই সিদ্ধান্ত মানি লৈছিল। সেই নিষ্ঠাবান প্ৰাক্তন বিধায়ক গৰাকীক দলে বা বিজেপি চৰকাৰে পৰৱৰ্তী সময়ত নিগম নিকায়ৰ অধ্যক্ষ পদত নিযুক্তি দিব বুলি ভবা হৈছিল যদিও হিমন্ত বিশ্ব শৰ্মাই উপেক্ষা কৰিলে এইগৰাকী প্ৰাক্তন বিধায়কক।

দলীয় মজিয়াত সেয়েহে বিষয়টো গুৰুত্ব সহকাৰে চৰ্চা হোৱাই নহয়, আন কিছু লোকক নিযুক্তি দিয়াক লৈ গভীৰ অসন্তুষ্টি বিৰাজ কৰিছে। 'কা' আন্দোলনৰ সময়ত বিজেপি ত্যাগ কৰি কা আন্দোলনত যোগদান কৰা সিমান্ত শেখৰক চলচ্চিত্ৰ বিত্ত নিগমৰ অধ্যক্ষ দিয়াক লৈও সৃষ্টি হৈছে বিতৰ্ক। আন্দোলনৰ ভৰপোকৰ সময়চোৱাত সীমান্ত শেখৰে বিজেপি ত্যাগ কৰি কা আন্দোলনত যোগদান কৰিছিল।

আন্দোলনৰ মঞ্চৰ পৰাই বিজেপিক সমালোচনাা কৰা গায়ক সীমান্ত শেখৰক ইমান এটা গুৰুত্বপূৰ্ণ দায়িত্ব দিয়াৰ বিপৰীতে ২০১১চনৰ পৰা ২০১৪চনলৈকে বিজেপিক শক্তিশালী কৰা বিশেষ ভূমিকা পালন কৰা মৃগাংক বৰ্মনৰ দৰে নেতাও এই তালিকাত বাদ পৰিল। উল্লেখযোগ্য যে, ২০১০চনৰ পৰা অসমৰ ইমূৰৰ পৰা সিমূৰলৈ পদযাত্ৰা কৰি বিজেপিক শক্তিশালী কৰাত এইগৰাকী যুৱ নেতাৰ আছিল গুৰুত্বপূৰ্ণ ভূমিকা।

সেই সময়চোৱাত দলটোক সংগঠিত কৰি আজি এই পৰ্যায়লৈ লৈ যোৱা কেইবা গৰাকীও আন বিজেপি যুৱ নেতাক বৰ্তমানৰ চৰকাৰে উপেক্ষা কৰা বুলি অভিযোগ উত্থাপন হৈছে। নিৰ্বাচনৰ সময়ত টিকটৰ পৰা বঞ্চিত হৈছিল যোৰহাটৰ শান্তনু পূজাৰী, সৰুপথাৰৰ ৰাজীৱ শইকীয়া আদি নেতা। তেওঁলোকেও স্থান নাপালে এই নিগম নিকায়ৰ অধ্যক্ষৰ তালিকাত।

মন কৰিব লগা যে , মমিনুল আৱালক পূৰ্বৰ সৰ্বানন্দ সোণোৱাল চৰকাৰৰ দিনত সংখ্যালঘু উন্নয়ন বৰ্ডৰ অধ্যক্ষৰ দায়িত্ব দিয়া হৈছিল। এইগৰাকী মুছলমান সম্প্ৰদায়ৰ লোক হৈও বিজেপিৰ হৈ কাম কৰাৰ বাবে যথেষ্ট সমালোচনাৰো সন্মুখীন হৈছিল আৱাল। তাৰ বিপৰীতে এইবাৰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰে সংখ্যালঘু উন্নয়ন বৰ্ডৰ অধ্যক্ষ হিচাপে হবিব মহম্মদ চৌধুৰী নামৰ এগৰাকী বেপাৰীক নিযুক্তি দিয়ে।

লাউচৰ পৰা আহি নিৰ্বাচনৰ সময়ত ধনে ধনে সহায় কৰা হবিব মহম্মদ চৌধুৰীক এই চৰকাৰে পুৰস্কাৰ দিলে যদিও সংখ্যালঘু সম্প্ৰদায়ৰ বিজেপি নেতাৰ মমিনুল আৱালৰ দৰে নেতাক একাষৰীয়া কৰাত সহজভাৱে ল'ব পৰা নাই দলৰে একাংশ নেতাই। শিৱসাগৰতো মহন উপাধিধাৰী এজন জ্যেষ্ঠ নেতাক কোনো দায়িত্ব নিদিয়াত জিলাখনৰে বিজেপি তৃণমূল কৰ্মীৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।

অনুপ বৰ্মনৰ দৰে লোকেও পোৱা নাই কোনো দায়িত্ব। বিজেপিৰ পূৰণি কৰ্মী তথা নেতা গোবিন্দ শইকীয়াও বঞ্চিত হ'ল। হিমন্ত বিশ্ব শৰ্মাই যি সকল বিজেপি নেতাক নিগম নিকায়ৰ অধ্যক্ষ ৰূপে নিযুক্তি দিলে সেইসকলৰ ভিতৰত গুৰুত্বপূৰ্ণ দায়িত্ব নতুনকৈ বিজেপিলৈ আগমন হোৱা সকলকহে অৰ্পন কৰা হৈছিল।

হাউছিং বৰ্ডৰ উপাধ্যক্ষ দায়িত্বত থকা সুভাষ দত্তয়ো নাপালে কোনো নিগম নিকায়ৰ দায়িত্ব। প্ৰদীপ ঠাকুৰীয়াৰ দৰে নেতাক দিয়া হ'ল কেৱল জ্যেষ্ঠ নাগৰিক কল্যাণ পৰিষদৰ অধ্যক্ষৰ দায়িত্ব। ভৈয়াম জনজাতি উন্নয়ন পৰিষদৰ অধ্যক্ষৰ দায়িত্ব দিয়া ৰমাকান্ত দেউৰীয়ে ইতিমধ্যে মুকলিকৈ অসন্তুষ্টি ব্যক্ত কৰিছে।

এনে নিগম নিকায়ত নিযুক্তি সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰি দেউৰীয়ে কয়- এইবোৰ পদবীত একো নাই। উল্লেখযোগ্য যে, মৰিগাঁৱৰ বাবে নিৰ্বাচিত হৈ অহা ৰমাকান্ত দেউৰীয়ে তিৱা সম্প্ৰদায়ৰ অন্যতম প্ৰভাৱশালী নেতা। বিজেপিৰ এক সূত্ৰই জনিবলৈ দিয়া মতে, নিগম নিকায়ত নিযুক্তি দিলেও কেৱল অসন্তুষ্টি দূৰ কৰাৰ বাবে আৰু এচাম অনুগত্য নেতাক সংস্থাপনৰ বাবে হিমন্ত বিশ্ব শৰ্মাই এনে পদক্ষেপ গ্ৰহণ কৰিলেও দলীয় নেতৃত্বই এই তালিকাক লৈ সন্তুষ্ট নহয়।আনকি সামাজিক মাধ্যমতো এই সন্দৰ্ভত মুকলিকৈ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে প্ৰিন্স আজিজুল হকৰ দৰে নেতাই ।

অসমৰ সংখ্যালঘু জনতাৰ উন্নয়নৰ দায়িত্ব লাউছৰ ব্যৱসায়ীৰ হাতত গতাই দিয়াৰ বাবে অসম চৰকাৰক ধন্যবাদ জনাই কটাক্ষ কৰি হকে লিখিছে- আমি খিলঞ্জীয়া অসমীয়া মুছলমান। আমি ভাৰতীয় মূলৰ, আমাৰ পূৰ্বপুৰুষ আমোক আছিল, আমাৰ বংশৰ ইতিহাস আছে এইবোৰ আত্মসন্তুষ্টিৰ বাহিৰে কিবা জানো আছে। খিলঞ্জীয়া অসমীয়া মুছলমানৰ ৰাজনৈতিক নেতাসকলে নিজৰ ব্যক্তিগত সা সুবিধা আদায় কৰাৰ বাহিৰে খিলঞ্জীয়া অসমীয়া মুছলমানৰ বাবে কিবা উন্নয়ন কৰিব পাৰিলেনে? সংখ্যালঘু জনতাৰ স্বাধীনতাৰ পাছত ভয়ৰ পৰা পৰিত্ৰাণ দিবলৈ সুদূৰ লাউছৰ পৰা আহি নিৰ্বাচনৰ প্ৰাকক্ষণত অসমৰ ইমূৰৰ পৰা সিমূৰলৈ হেলিকপ্টাৰ লৈ সভা সমিতি কৰি ফুৰাজনক অসম চৰকাৰে দায়িত্ব দিবলৈ বাধ্য হৈছে। বৰ্তমানৰ সময়ৰ পৰা অসমৰ সংখ্যালঘু জনতাৰ চিন্তাৰ কাৰণ নাই। এতিয়া হোজাইৰ বাসিন্দা তথা লাউছৰ ব্যৱসায়ীৰ হাতত অসমৰ সংখ্যালঘু জনতাৰ উন্নয়নৰ দায়িত্ব ন্যস্ত কৰা হৈছে। ধন্যবাদ অসম চৰকাৰ।