- অসমত নতুনকৈ ৯৫ জন লোকৰ দেহত কোৰোনা ভাইৰাছ।
- স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই কথা সদৰি কৰিছে।
- উল্লেখ্য যে, ৯৫ জন লোকৰ ভিতৰত ২১ জন যোৰহাটৰ, ২০ জন গোলাঘাটৰ, ১২ জন হাইলাকান্দিৰ, ডিব্ৰুগড় আৰু কামৰূপৰ ৬জনকৈ লোক, ৭ জন কাৰ্বিআংলঙৰ, ধেমাজি, বৰপেটা আৰু কাছাৰৰ ৪জনকৈ লোক, ৩ জন বঙাইগাঁৱৰ, নগাঁও আৰু ওদালগুৰিৰ ২জনকৈ লোক আৰু ডিমা হাছাও আৰু শোণিতপুৰৰ এজনকৈ লোক।
- ২জন লোকৰ সবিশেষ বৰ্তমানো লাভ কৰা হোৱা নাই।
- অসমত কোৰোনা আক্ৰান্ত লোকৰ মুঠ সংখ্যা হৈছেগৈ ৪,৬০৫ জন।
- এতিয়ালৈকে আৰোগ্য হৈছে ২,৪১১ জন লোক।
- এতিয়া হাস্পতালত আছে ২,১৮৩ জন লোক।
- ইফালে অসমত এতিয়ালৈকে মৃত্যু হৈছে ৮ জন লোকৰ।