জাতীয় চেতনা আৰু সমাজ ৰূপান্তৰত নাটকৰ অৱদান অসীম : নাট্যকাৰ-সাহিত্যিক ধ্ৰুৱজ্যোতি শৰ্মা
জাতীয় চেতনা আৰু সমাজ ৰূপান্তৰত নাটকৰ অৱদান অসীম : নাট্যকাৰ-সাহিত্যিক ধ্ৰুৱজ্যোতি শৰ্মা 
অসম

অসম নাট্য সন্মিলনৰ ৬১সংখ্যক অধিৱেশনত ভিন্ন সমাহাৰ

Asomiya Pratidin

ডিজিটেল সংবাদ, বৰপেটা ৰোডঃ "সমাজ ৰূপান্তৰত নাটকৰ অৱদান অসীম অনন্ত। জাতীয় চেতনা এটা মানুহৰ মনত জাগ্ৰত কৰিবলৈ নাটক প্ৰধান ক্ৰীড়নক ৰূপে অভিহিত হৈ আহিছে। সেয়েহে দূৰ অতীতত ঋষি কাব্যকাৰসকলে কৈছিল কাব্যৰ ভিতৰত নাটকেই ৰমণীয়।" এই মন্তব্য বিশিষ্ট নাট্যকাৰ, সাংবাদিক তথা নলবাৰী জিলা সাহিত্য সভাৰ সভাপতি ধ্ৰুৱজ্যোতি শৰ্মাৰ।

শুকুৰবাৰে অসম নাট্য সন্মিলনৰ ৬১ সংখ্যক বৰপেটা ৰোড অধিবেশনৰ ৰত্ন ওজা সোঁৱৰণী মঞ্চত একক অভিনয় প্ৰতিযোগিতা আনুষ্ঠানিকভাৱে উদ্বোধন কৰি সুবক্তা শৰ্মাই পুনৰ কয় যে অসম নাট্য সন্মিলন অপেছাদাৰী নাট্য চৰ্চাৰ অভিভাৱক স্বৰূপ । নিজৰ গাঠিৰ ধন ভাঙি স্বপ্ৰতিভাৰে ভিন্ন প্ৰান্তত নাট্য চৰ্চা অব্যাহত ৰখা শিল্পী সমাজক নতুন মাত্ৰা প্ৰদান কৰাত কৃপণালি কৰা নাই নাট্য সন্মিলনে ।

দুলীয়াজানৰ লোককলাৰ শিল্পী ডিম্বেশ্বৰ খনিকৰ সোঁৱৰণী এই একক অভিনয় প্ৰতিযোগিতাৰ প্ৰাৰম্ভত প্ৰয়াত ব্যক্তিগৰাকীৰ প্ৰতিকৃতিত মাল্যাৰ্পন কৰে পুত্ৰ ড০ বসন্ত খনিকৰে আৰু বন্তি প্ৰজ্বলন কৰে পাঠশালা পৌৰসভাৰ সভানেত্ৰী জলী চৌধুৰীয়ে।অৰূপ বায়নে আঁত ধৰা এই অনুষ্ঠানত উপস্থিত থাকে অসম সাহিত্য সভাৰ সাংগঠনিক সম্পাদক গোবিন্দ কলিতা, আদৰণী সমিতিৰ সম্পাদক জয়ন্ত দাস প্ৰমুখ্যে কেবাগৰাকীও বিশিষ্ট ব্যক্তি।

উল্লেখযোগ্য যে সন্মিলনৰ সাধাৰণ পৰিষদৰ বৈঠকত আজি সভাপতিত্ব কৰে সভাপতি কুমাৰ দীপক দাসে। ইয়াত আজি প্ৰধান সম্পাদক গিৰিধৰ ৰয়ে দাখিল কৰা সম্পাদকীয় প্ৰতিবেদন আৰু জয়ন্ত হাজৰিকাই দাঙি ধৰা বিত্তীয় প্ৰতিবেদন গৃহীত হয়। সাধাৰণ পৰিষদৰ বৈঠকত ড০ তৰুণ শৰ্মা,মানিক গোস্বামী,বসন্ত কুমাৰ বৰ্মন, দিলজিত বৰ্মন,অৰূপ বৰঠাকুৰ আদিয়ে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি কেবাটাও প্ৰস্তাৱ আগবঢ়ায় ।

কাইলৈ সাধাৰণ পৰিষদৰ দ্বিতীয় বৈঠকত প্ৰস্তাৱসমূহ গৃহীত হ'ব । আজি তৃতীয় দিনাও সন্মিলনত লক্ষ্যনীয় জনসমাগম দেখা পোৱা যায় যদিও নাটক চোৱা দৰ্শক কম। তাৰ বিপৰীতে ভিন্ন ৰঙৰ সমাহাৰ ঘটা বানিজ্য মেলা,সাংস্কৃতিক অনুষ্ঠানত যথেষ্ট পৰিমাণে ভিৰ পৰিলক্ষিত হয় বুলি জনায়।