অসম

অসম পৰ্বতাৰোহণ সন্থাৰ সৌজন্যত বিশেষ শীতকালীন প্ৰকৃতিৰে বাস শিবিৰ…

asomiyapratidin

ডিজিটেল সংবাদ, ডীমা হাচাও : অসমৰ দুঃসাহসিক ক্ৰীড়াৰ অগ্ৰণী সংগঠন অসম পৰ্বতাৰোহণ সন্থাৰ পূৰ্ণ তত্বাবধানত ডীমা হাচাও দুঃসাহসিক ক্ৰীড়া সন্থা আৰু কাৰ্বি আংলঙ পৰ্বতাৰোহণ সন্থাৰ সহযোগত পৰ্বতাৰোহণ আৰু আনুসাংগিক দুঃসাহসিক ক্ৰীড়াৰ এক বিশেষ শীতকালীন প্ৰশিক্ষণ শিৱিৰ ডীমা হাচাওৰ বিখ্যাত " পানীমোৰ "  বন সংৰক্ষিত জিৰণি আবাসিক শিৱিৰ পৰিসীমাত ইং ২৩ -২৫ জানুৱাৰীলে তিনিদিনয়া কাৰ্যক্ৰমেৰে অনুষ্ঠিত হয় ৷

শিৱিৰত আয়োজক অসম পৰ্বতাৰোহণ সন্থাৰ লগতে কাৰ্বি আংলঙ পৰ্বতাৰোহণ সন্থা আৰু স্থানীয় ডীমা হাচাও দুঃসাহসিক ক্ৰীড়া সন্থাৰ সামুহিক সদস্যই অংশগ্ৰহণ কৰে ৷ প্ৰশিক্ষণ কালত প্ৰশিক্ষাৰ্থী সকলক পাহাৰিয়া খৰশ্ৰোতা কপিলী নদীৰ তিব্ৰ সোত অতিক্ৰম কৰাৰ বিভিন্ন কৌশলৰ লগতে নদীৰ উচ্চ জলপ্ৰপাত অংশ বিশেষ ৰচীৰ সহায়ত অবৰোহণ (ৰেপেলিঙ) নামি অহা কৌশলৰ লগতে ৰাবাৰ নিৰ্মিত বিশেষ নাৱৰে অতিক্ৰম কৰাৰ কৌশলো অভিজ্ঞ প্ৰশিক্ষকৰ দ্বাৰা প্ৰদৰ্শন কৰা হয় ৷

প্ৰশিক্ষাৰ্থী সকলক উ্চ পৰ্বতত প্ৰয়োজনোসৰি কৰিব লগীয়া নৈশ পদ যাত্ৰাৰো অনুশীলন কৰোৱা হয় ৷ পানীমোৰ স্থিত  অসম চৰকাৰৰ বন বিভাগৰ সহযোগত বিভাগীয় সংৰক্ষিত জিৰণি আবাসিক স্থায়ী শিৱিৰৰ পৰিসীমাৰ ভিতৰত সন্থাৰ দ্বাৰ স্থাপিত ১৩ সংখ্যক বিশেষ টেন্টত নিশা যাপন কৰি ন প্ৰশিক্ষাৰ্থী সকলে প্ৰকৃিতিৰে সহবাসৰ এক অন্যন্য অভিজ্ঞতা উপভোগ কৰে ৷ প্ৰশিক্ষণত আয়োজক অসম পৰ্বতাৰোহণ সন্থা , কাৰ্বি আংলঙ্‌ পৰ্বতাৰোহণ সন্থা, ডীমা হাচাও দুঃসাহসিক ক্ৰীড়া সন্থা , অসম চৰকাৰৰ দূৰ্যোগ প্ৰশমণ বিভাগ আৰু অসম আৰক্ষী বিভাগৰ মুঠ আশী সংখ্যক সদস্যই সফলতাৰে অংশ গ্ৰহণ কৰে ৷