অসম

পুনৰ সংঘটিত সাংবাদিক নিগ্ৰহৰ ঘটনাঃ বাতৰি সংগ্ৰহ কৰা সাংবাদিকক মৰেল পুলিচে কৰিলে প্ৰহাৰ…

asomiyapratidin

ডিজিটেল সংবাদ নগাওঁঃ ৰাজ্যত পুনৰ সংঘটিত হৈছে সাংবাদিত নিগ্ৰহৰ ঘটনা। এইবাৰ নগাওঁ জিলাৰ ধিঙত সংঘটিত হৈছে সাংবাদিক নিগ্ৰহৰ ঘটনা। ঘটনাৰ বিৱৰণ অনুসৰি এটা কুখ্যাত চোৰক ৰাইজে মাৰপিট কৰি থকাৰ ভিডিঅ' সংগ্ৰহ কৰিছিল ৰাজ্যৰ এটা ব্যক্তিগত চেটেলাইট চেনেলৰ সাংবাদিক ৰচিদুল ইছলামে।

ৰাইজে মাৰপিট কৰা ভিডিঅ' সংগ্ৰহ কৰাৰ বাবেই ৰচিদুলক উদণ্ডলোক কেইজনে মাৰপিট কৰি হাতৰ পৰা মোবাইল কাঢ়ি লয় আৰু সংগৃহীত ভিডিঅ' ডিলিট কৰিদিয়ে। সাংবাদিকগৰাকীক মাৰপিট কৰা উদণ্ড লোক কেইজন ক্ৰমে এমৰান হুছেইন, হাবিজুৰ ফৰাজী, অনুকুল ,হাবিজুৰ ইছলাম।

বাতৰি সংগ্ৰহ কৰা সাংবাদিকক এইদৰে মাৰপিট কৰি সংগৃহীত ভিডিঅ' ডিলিট কৰা উদণ্ড লোককেইজনৰ বিৰুদ্ধে সাংবাদিকগৰাকীয়ে ধিং আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে। আইন হাতত তুলি লোৱা এই মৰেল পুলিচৰূপী উদণ্ড লোক কেইজনৰ বিৰুদ্ধে আৰক্ষীয়ে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া হ'ব লক্ষণীয়।