অসম

মিজোৰ ভয়ত সীমান্তৰ লোকে ঘৰ এৰি পালয়ন কৰা নাইঃ কাছাৰৰ এছ পিৰ মন্তব্য

asomiyapratidin

ডিজিটেল সংবাদ শিলচৰ: মিজো আৰক্ষীৰ ভয়ত ঘৰবাৰী এৰি সীমান্তৰ পৰা কোনো অসমৰ লোক পলায়ন কৰা নাই বুলি দাবী কৰিছে কাছাৰৰ আৰক্ষী অধীক্ষক বৈভৱ নিম্বলকাৰে ৷ মিজো আৰক্ষীৰ ভয়ত কাছাৰ জিলাৰ লাইলাপুৰ মিজোৰাম সীমান্তৰ পৰা ঘৰবাৰী এৰি অসমৰ লোক পলায়ন কৰা বুলি একাংশ সংবাদ মাধ্যমত বাতৰি সম্প্ৰচাৰ হোৱাৰ পাছতে আৰক্ষী অধীক্ষক জনে বৃহস্পতিবাৰে সংবাদ মাধ্যমলৈ এটি ভিডিঅ' বাৰ্তা প্ৰেৰন কৰি এই বাতৰিৰ সত্যতা অস্বীকাৰ কৰে ৷

বৰ্তমান মিজোৰাম সীমান্তৰ খুলিচৰা আৰু ধলাখাল এলেকাত পৰ্যাপ্ত পৰিমাণৰ নিৰাপত্তা বাহিনী মোতায়েন কৰি দিনে নিশাই শীৰ্ষ আৰক্ষী বিষয়া সকলে পৰিস্থিতিৰ ওপৰত চোকা দৃষ্টি ৰাখিছে ৷ সীমান্তৰ দুয়োফালে মিজো আৰু অসম আৰক্ষীয়ে মুখামুখী অৱস্থান কৰি আছে যদিও অসমৰ কোনো লোকক ভীতি প্ৰদৰ্শন কৰা নাই মিজো আৰক্ষীয়ে ৷ যি কেইজন লোক তাৰ পৰা গৈছে তেওঁলোক নিজৰ ইচ্ছামতে তাৰ পৰা যোৱা বুলি সদৰী কৰে এছ পি নিম্বলকাৰে ৷ বৰ্তমান মিজোৰাম সীমান্তৰ পৰিস্হিতি নিয়ন্ত্ৰাধীন বুলিও মন্তব্য কৰে আৰক্ষী বিষয়া জনে।