dangor khabar
dangor khabar  
অসম

এইবাৰ খানাপাৰাত অসম-মেঘালয় গাড়ী চালকৰ মাজত সংঘাতৰ সম্ভাৱনা!

Asomiya Pratidin

ডিজিটেল ডেস্ক: অসম-মেঘালয় সীমান্তত সৃষ্টি হোৱা সংঘৰ্ষময় পৰিৱেশৰ পাছত পৰিস্থিতি এতিয়াও উন্নত হোৱা নাই। ৬ জনকৈ লোকৰ এই সংঘৰ্ষত কৰুণ মৃত্যু হোৱাৰ পাছত মেঘালয়লৈ প্ৰৱেশ কৰা যান বাহনৰ ক্ষেত্ৰত বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছিল প্ৰশাসনে।

বিশেষকৈ শ্বিলঙলৈ অহা-যোৱা কৰা অসমৰ গাড়ী আৰু পৰ্যটকৰ ওপৰত চলা আক্ৰমণৰ পাছত যোৱা দুদিন ধৰি অসমৰ চালক আৰু অসমত পঞ্জীয়ন কৰা যান বাহন মেঘালয়লৈ যাব দিয়া হোৱা নাই।

যোৰাবাটত এই যান বাহন সমূহ আৱদ্ধ কৰি থোৱা হৈছে। সেই সময়তে বৃহস্পতিবাৰে অসমৰ পৰা পৰ্যটক কঢ়িয়াই নিয়া গাড়ী চালকৰ এটা বৃহৎ দলে খানাপাৰা কইনাধৰা সন্মুখত সমবেত হয়।

মেঘালয় গাড়ী চালক সকলক এই দলটোৱে মেঘালয় লোকৰ বাদে অসম বা আন ঠাইৰ যাত্ৰী উঠাব নোৱাৰিব বুলি বাধা প্ৰদান কৰে। ইয়াকে লৈ দুই ৰাজ্য়ৰ চালকৰ মাজত সংঘাত হোৱাৰ এক পৰিৱেশে দেখা দিছে।

ইফালে মেঘালয়ত আৱদ্ধ হৈ থকা অসম তথা বহি ৰাজ্যৰ পৰ্যটক সকলে যথেষ্ঠ সমস্যাৰ সন্মুখীন হোৱা বুলি জানিব পৰা গৈছে। এই ঘটনাত মৃত্যু হোৱা অসমৰ বন বিভাগৰ লগত যোৱা গৃহৰক্ষী জোৱান জনৰ মৃতদেহ চমজাই দিয়া হৈছে পৰিয়ালটোক।

আৰু পঢ়ক: শৰাইঘাটঃ লাচিতেই বান্ধিলে মোগল মুক্তৰ বাট...