অসম

ডিমৌ চাৰিআলি আঞ্চলিক বিহু সমিতিৰ সভাপতি, সমাজ সংগঠক লক্ষী কান্ত দাসৰ মৃত্যুত শোক….

asomiyapratidin

ডিজিটেল সংবাদ বেবেজীয়াঃ নগাওঁ জিলাৰ ডিমৌ চাৰিআলিৰ নিবাসী, সমাজ সংগঠক, ডিমৌ চাৰিআলিৰ আঞ্চলিক বিহু সমিতিৰ সভাপতি লক্ষী কান্ত দাসৰ আজি নিজা বাস ভৱনত মৃত্যু খবৰে সমগ্ৰ অঞ্চলটোতে শোকৰ ছাঁ পেলাইছে। উল্লেখযোগ্য যে বিগত কিছু দিন ধৰি দাস চিকিৎসাধীন হৈ ঘৰতে আছিল। ৬৭ বছৰীয়া দাসে আ-মৃত্যু সময়লৈকে ডিমৌ চাৰিআলি আঞ্চলিক বিহু সমিতিৰ সভাপতি আৰু সমাজৰ বিভিন্ন কামত ব্যস্ত আছিল।

মৃত্যুৰ সময়ত পত্নী, তিনিজন পুত্ৰ আৰু আত্মীয়ক এৰি থৈ যায়। সমাজ কৰ্মী দাসৰ মৃত্যুত প্ৰাক্তন মন্ত্ৰী উমেশ চন্দ্ৰ দাস, ৰহা সমষ্টিৰ বিধায়ক শশী দাস, আৰু ডিমৌ চাৰিআলিৰ বিভিন্ন অনুষ্ঠানে শোক প্ৰকাশ কৰিছে।