assam karate
assam karate 
অসম

সফলতাৰে সামৰণি পৰিল অসম ৰাজ্যিক কাৰাটে চেম্পিয়নশ্বিপ-২০২২ৰ...

Asomiya Pratidin

ডিজিটেল ডেস্ক, গুৱাহাটী : অসম ৰাজ্যিক কাৰাটে সন্থাই দুদিনীয়াকৈ অনুষ্ঠিত কৰা 'অসম ৰাজ্যিক কাৰাটে কেডেট, জুনিয়ৰ আৰু ছিনিয়ৰ চেম্পিয়নশ্বিপ- ২০২২'ৰ শুকুৰবাৰে সফলতাৰে সামৰণি পৰে। গুৱাহাটীৰ খানাপাৰাস্থিত গণেশ মন্দিৰ ইণ্ডৰ ষ্টেডিয়ামত অনুষ্ঠিত প্ৰতিযোগিতাখনত ৰাজ্যৰ ৩৫ খন জিলাৰ ১২০০ৰো অধিক প্ৰতিযোগী আৰু ৮০ জনৰো অধিক টেকনিকেল অফিচিয়েলে অংশগ্ৰহণ কৰে।

প্ৰতিযোগিতাখনত কেডেট আৰু জুনিয়ৰ শাখাত যোৰহাট জিলাই শ্ৰেষ্ঠ জিলাৰ খিতাপ লাভ কৰে। গুৱাহাটীয়ে ছিনিয়ৰ শাখাত শ্ৰেষ্ঠ জিলাৰ খিতাপ লাভ কৰাৰ লগতে কেডেট আৰু জুনিয়ৰ শাখাত ৰানাৰ্ছ আপৰ খিতাপ দখল কৰে। আনহাতে ছিনিয়ৰ শাখাত শোণিতপুৰ জিলাই ৰানাৰ্ছ আপৰ খিতাপ দখল কৰে।

প্ৰতিযোগিতাৰ সামৰণি অনুষ্ঠানত ক্ৰীড়া আৰু যুৱ কল্যাণ সঞ্চালকালয়ৰ সঞ্চালক নিবেদন দাস পাটোৱাৰী, উপ-সঞ্চালক সূৰ্য শৰ্মা, গুৱাহাটীস্থিত ছাইৰ ৰিজিঅ'নেল চেণ্টাৰৰ উপ-সঞ্চালক প্ৰাণজিত ভাগৱতী, অসম ৰাজ্যিক কাৰাটে সন্থাৰ উপ-সভাপতি তথা মীন উন্নয়ন নিগমৰ চেয়াৰমেন গুৰুজ্যোতি দাসৰ লগতে বহু কেইজন বিশিষ্ট ব্যক্তি উপস্থিত থাকে ।

সন্থাৰ সাধাৰণ সম্পাদক আদৰ্শ চৌধুৰীয়ে উপস্থিত আটাইকেইজন বিশিষ্ট্য ব্যক্তিকে একোখনকৈ ফুলাম গামোচা, জাপি, স্মাৰকৰে সম্বৰ্ধনা জনায়। প্ৰতিযোগিতাখন সফলতাৰে অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত যিসকল ব্যক্তিয়ে বিভিন্ন ধৰণে সহায়, সহযোগিতা আগবঢ়ালে সেই সকলো ব্যক্তিকে সন্থাৰ সভাপতি দিগন্ত কলিতা আৰু সাধাৰণ সম্পাদক আদৰ্শ চৌধুৰীয়ে ধন্যবাদ জ্ঞাপন কৰে।

সামৰণি অনুষ্ঠানত প্ৰতিযোগিতাখনত সফলতা লাভ কৰা খেলুৱৈসকলক পদক আৰু প্ৰমাণপত্ৰ প্ৰদান কৰা হয়। সন্ধিয়া জনপ্ৰিয় সংগীত শিল্পী আৰোহণ বৰদলৈয়ে সংগীত পৰিৱেশন কৰে।

আনহাতে ৬ অক্টোবৰৰ উদ্বোধনী অনুষ্ঠানত অসম চৰকাৰৰ ৰাজহ বিভাগৰ মন্ত্ৰী যোগেম মহন, অসম ৰাজ্যিক কাৰাটে সন্থাৰ সভাপতি তথা কমলপুৰৰ বিধায়ক দিগন্ত কলিতা উপস্থিত আছিল। উদ্বোধনী অনুষ্ঠানত জনপ্ৰিয় সংগীত শিল্পী মণ্টুমণি শইকীয়া আৰু ৰূপালী কাশ্যপে সংগীতানুষ্ঠান পৰিৱেশন কৰে।