মেট্ৰিকৰ ৰিজাল্টক লৈ গুৰুত্বপূৰ্ণ সিদ্ধান্ত…
- হাইস্কুল শিক্ষান্ত পৰীক্ষা সন্দৰ্ভত ছেবাৰ বৈঠক সমাপ্ত।
- ইতিমধ্যে গঠন কৰি দিয়া ৯ জনীয়া কমিটীৰ দ্বিতীয়খন বৈঠক অনুষ্ঠিত হয় বৃহস্পতিবাৰে।
- দিনৰ ১১ বজাৰ পৰা অনুষ্ঠিত হৈছিল এই বৈঠকখন।
- এইবাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত নাথাকিব শীৰ্ষ ১০ টা স্থান।
- এই সিদ্ধান্ত লোৱা হৈছে বৈঠকখনত।
- নৱম আৰু দশম শ্ৰেণীৰ পূৰ্বৰ নম্বৰৰ ভিত্তিত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ চূড়ান্ত ফলাফল ঘোষণা কৰা হ'ব।
- বিদ্যালয়সমূহত এই পৰীক্ষাৰ নম্বৰৰ তথ্য মজুত আছে।
- বৈঠকত চূড়ান্ত হ'ল ফলাফল ঘোষণাৰ আৰ্হি।
- ছাত্ৰ-ছাত্ৰীক উপযুক্ত নম্বৰ প্ৰদানৰ ক্ষেত্ৰত বঞ্চিত কৰা নহয়।
- ৯ জনীয়া কমিটীয়ে প্ৰস্তুত কৰা প্ৰতিবেদন দাখিল কৰিব শিক্ষামন্ত্ৰীক।
- কমিটীখনে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল ঘোষণাৰ বাবে আন ৰাজ্যৰ ফলাফল ঘোষণাৰ আৰ্হিক অনুসৰণ কৰিছে।