অসম

ভাল খবৰ: আন্ত:ৰাষ্ট্ৰীয় হেণ্ডবল প্ৰতিযোগিতালৈ অসমৰ দুই যুৱক...

Asomiya Pratidin

ডিজিটেল সংবাদ, টেঙাখাত: অসমবাসীৰ বাবে ভাল খবৰ। টেঙাখাতৰ নন্দনবন পাৰ্বতীপুৰ চাহ বাগিছাৰ নিপুল খালখ আৰু বচাপথাৰ গাঁৱৰ বাবানু ওৰাঙে নেপালৰ ইউথ এণ্ড স্পৰ্ট ডেভেলপমেণ্ট অৰ্গেনাইজেশ্ব্যনে অনুষ্ঠিত কৰা খেললৈ নিৰ্বাচিত হৈছে। নেপালৰ ৰাংচিলা ষ্টেডিয়াম, পোখাৰাত অনুষ্ঠিত হ'ব লগা "ইণ্ডো নেপাল ইউথ গেমছচ ইণ্টাৰনেচনেল চেম্পিয়নচিপ ২০২৩"ৰ হেণ্ডবল প্ৰতিযোগিতাত অসম দলৰ হৈ খেলিবলৈ নিৰ্বাচিত হোৱাত অঞ্চলটোৰ ৰাইজ উৎফুল্লিত হৈ পৰিছে ।

শণিবাৰে আটছা টেঙাখাত শাখাৰ উদ্যোগত দুয়োকে এক বিশেষ কাৰ্যসূচীত শুভেচ্ছা আৰু অভিনন্দন জনোৱা হয় । আটছা টেঙাখাত শাখাৰ সভাপতি তিলক খালখ, ভাৰপ্ৰাপ্ত সম্পাদক ৰবাৰ্ট ভূঞা, আটছাৰ প্ৰাক্তন কেন্দ্ৰীয় সভাপতি ৰাজেন কুমাৰ শিক্ষক জিতুল গগৈ যোগেশ ওৰাওঁ, মণ্টু মিঞ্জ, কুডুখ ওৰাওঁ সংঘৰ নেতা গুনিৰাম ওৰাওঁ বেনুকা টপ্ন কমলা মিঞ্জ বিমল ওৰাং আদিৰ লগতে বহু শুভাকাংক্ষী ৰাইজে দুয়োজন খেলুৱৈক ফুলাম গামোছাৰে সম্বৰ্ধনা জনোৱাৰ লগতে আগন্তুক প্ৰতিযোগিতাৰ বাবে শুভেচ্ছা জ্ঞাপন কৰে ।