গুণোৎসৱক লৈ বিপাঙত এজনিয়া শিক্ষকে চলি থকা বিদ্যালয়ৰ শিক্ষক…

গুণোৎসৱক লৈ বিপাঙত এজনিয়া শিক্ষকে চলি থকা বিদ্যালয়ৰ শিক্ষক…

author-image
asomiyapratidin
New Update
গুণোৎসৱক লৈ বিপাঙত এজনিয়া শিক্ষকে চলি থকা বিদ্যালয়ৰ শিক্ষক…

ডিজিটেল সংবাদ মৰিয়নি: শিক্ষাৰ্থীৰ ভবিষ্যত নিৰ্মাণৰ স্বাৰ্থত বিদ্যালয়ৰ শিক্ষাৰ পৰিবেশ উন্নত কৰাৰ বাবে অনুষ্ঠিত কৰা গুণোৎসৱক লৈ বিপাঙত পৰিছে মৰিয়নি সমষ্টিৰ পূব যোৰহাট শিক্ষাখণ্ডৰ অন্তৰ্গত একাংশ প্ৰাথমিক বিদ্যালয়ৰ শিক্ষক। উল্লেখ্য যে, এজনিয়া শিক্ষকৰে চলি আছে পূব যোৰহাট শিক্ষাখণ্ডৰ অন্তৰ্গত প্ৰায় ১৩খনকৈ প্ৰাথমিক বিদ্যালয়।

Advertisment

প্ৰথম শ্ৰেণীৰপৰা পঞ্চম শ্ৰেণীলৈকে এজন শিক্ষকে কেনেদৰে পাঠদান কৰিব লগা হয় সেয়া সহজে অনুমেয়। এনে সময়তে ৰাজ্য চৰকাৰৰ শিক্ষা বিভাগে গুণোৎসৱৰ আয়োজন কৰাত বিপাঙত পৰিছে এজনীয়া শিক্ষকসকল। আনকি পূৱ যোৰহাট শিক্ষাখণ্ডৰ বহু শিক্ষকবিহীন বিদ্যালয়ত অইন বিদ্যালয়ৰপৰা ধাৰ কৰা শিক্ষকৰে জোৰা টাপলি মাৰি গুণোৎসৱ পালন কৰাত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।

মনকৰিবলগীয়া যে চেলেং চাহ বাগিছাৰ এজনিয়া শিক্ষকেৰে চলি থকা জুৰিয়া পুখুৰি প্ৰাথমিক বিদ্যালয়ত পৰ্যাপ্ত শ্ৰেণীকোঠাৰ অভাৱত বাগিছাৰ এটা জৰাজীৰ্ণ আবাসগৃহত ছাত্ৰ-ছাত্ৰীক শিক্ষকে পাঠদান কৰিব লগা হয়। বিদ্যালয়খনৰ ৭০গৰাকী ছাত্ৰ-ছাত্ৰীক এজন শিক্ষকে পাঠদান কৰিব লগা হয়।

জানিবপৰা মতে প্ৰায় দুবছৰ ধৰি এজন শিক্ষকে চলি আছে বিদ্যালয়খন। একে পূব যোৰহাট শিক্ষাখণ্ডৰ গন্ধিয়া প্ৰাথমিক বিদ্যালয়, পুথিনদী প্ৰাথমিক বিদ্যালয়, মিলগাও প্ৰাথমিক বিদ্যালয়, গাখীৰখোৱা প্ৰাথমিক বিদ্যালয়, লাহিং প্ৰাথমিক বিদ্যালয়, মাছখোৱা দনিকনা প্ৰাথমিক বিদ্যালয়, লাওজান প্ৰাথমিক বিদ্যালয়, গড়কোষ প্ৰাথমিক বিদ্যালয়, উজনি ৰজাবাৰী , চটাই বাগান প্ৰাথমিক বিদ্যালয়, গাভৰু গ্ৰাণ্ট ,পুৰনি লুনপুৰীয়া, বকুলগুৰি, ৰজাবাৰি, চটমল প্ৰেমচোক আগৰাৱা প্ৰাথমিক বিদ্যালয়ত বছৰ বছৰ ধৰি চলি আহিছে এজনিয়া শিক্ষকে।

এনেধৰনৰ ধাৰ কৰা এজনিয়া শিক্ষকে চলি থকা বিদ্যালয়সমূহত ধুম ধামৰে চাৰিদিনীয়াকৈ গুণোৎসৱৰ আয়োজন কৰি ছাত্ৰ-ছাত্ৰীসকলক কিমান উপকৃত কৰিব সেয়া সময়ে ক'ব। ইফালে এজনিয়া শিক্ষকৰে চলি থকা বিদ্যালয়সমূহত শিক্ষা বিভাগে কিনো স্থায়ী শিক্ষক নিযুক্তিৰ ব্যৱস্থা নকৰাত গৰিষ্ঠসংখ্যক কণ কণ ছাত্ৰ-ছাত্ৰীৰ শৈক্ষিক জীৱন গভীৰ অনিশ্চিয়তাৰ দিশলৈ গতি কৰাত অভিভাৱকসকল উদিগ্ন হৈ পৰিছে।