অসম

বিকল কিডনী লৈ শেতেলীৰ সংগী হৈছে পল্লৱ! স্বাস্থ্যমন্ত্ৰী, প্ৰফুল্ল মহন্তৰ আশ্বাসৰ পিছতো নাপালে এটা টকাও

asomiyapratidin

ডিজিটেল সংবাদ, কামপুৰঃ কামপুৰৰ তেতেলিসৰাৰ এজন মেধাৱী ছাত্ৰৰ কৰুণ কাহিনী এয়া৷ উচ্চ শিক্ষা গ্ৰহণৰ সময়তে ভূগিব লগা হৈছে দূৰাৰোগ্য ৰোগত৷ উচ্চতৰ মাধ্যমিকৰ চুড়ান্ত পৰীক্ষাত দুটা বিষয়ত লেটাৰ মাৰ্কসহ প্ৰথম বিভাগত উত্তীৰ্ণ হোৱা মেধাৱী ছাত্ৰজনৰ নাম পল্লৱ দাস৷ ছাত্ৰজনৰ দুয়োটা কিডনী বিকল হোৱাত এতিয়া বিচনাৰ সংগী হৈ পৰিছে ছাত্ৰজন৷

পিতৃ-মাতৃয়ে ৰাইজৰ সহযোগত দিল্লীৰ এইমচত ভৰ্তি কৰি চিকিৎসা চলায় যদিও সুস্থ হোৱা নাই পল্লৱ দাস৷ ছাত্ৰজনৰ চিকিৎসাৰ বাবে এতিয়া কেইবা লাখ টকাৰ প্ৰয়োজন৷ পুত্ৰৰ চিকিৎসাৰ বাবে ধন বিচাৰি দিক বিদিক হেৰুৱাই পেলাইছে দুৰ্ভগীয়া পিতৃ-মাতৃয়ে৷ যাৰ বাবে মেধাৱী ছাত্ৰজনক উভতাই পোৱাৰ আশাৰে চৰকাৰ তথা সহৃদয়বান ৰাইজৰ সহায় বিচাৰিছে পিতৃ-মাতৃয়ে।

ইফালে ছাত্ৰজনৰ জনৰ ঘৰত উপস্থিত হৈ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা বঢ়মপুৰ সমষ্টিৰ বিধায়ক প্ৰফুল্ল কুমাৰ মহন্তই সহায় কৰাৰ আশ্বাস প্ৰদান কৰিছিল যদিও আজি পৰ্যন্ত এটা ফুটাকৰিও নাপালে দুৰ্ভগীয়া পৰিয়ালটোৱে৷ আনকি স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাইয়ো কোনো গুৰুত্ব প্ৰদান নকৰা বুলি অভিযোগ কৰিছে দুৰ্ভগীয়া পল্লৱৰ পৰিয়ালৰ লোকে৷ এয়াহে নালাগে, অটল অমৃত কাৰ্ড থকা সত্বেও কোনো ধৰণৰ বিনামূলীয়া চিকিৎসা লাভ নকৰা বুলিও জানিবলৈ দিয়ে ছাত্ৰজনৰ পিতৃ-মাতৃয়ে।