অসম

কলেজ শিক্ষকৰ পৰা চতুৰ্থবৰ্গৰ কৰ্মচাৰীলৈ, ধান ক্ৰয়ৰ পৰা নিশাৰ কাৰ্ফিউলৈ অসম চৰকাৰৰ কেবিনেট বৈঠকত গুৰুত্বপূৰ্ণ সিদ্ধান্ত…

asomiyapratidin
  • জনতা ভৱনত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্বৰ অধ্যক্ষতাত মন্ত্রীসভাৰ কেবিনেট বৈঠক।
  • বৈঠকৰ অন্তত মন্ত্রী ৰঞ্জিৎ কুমাৰ দাসে কৰিছে মন্তব্য।
  • কৃষকৰ পৰা ১০ লাখ মেট্রিক টন ধান ক্রয় কৰিব চৰকাৰে।
  • এফ চি আইয়ে ৬ লাখ মেট্রিক টন ধান ক্রয় কৰিব।
  • ধান ক্রয় সন্দৰ্ভত মন্ত্রী অতুল বৰাৰ মন্তব্য।
  • ৰাজ্যত ৮০ লাখ টন ধান উৎপাদন হয়।
  • কৃষকক সজাগতাৰ বাবে ১৬ জানুৱাৰীত গাঁওসভা হ'ব।
  • বৈঠকত মন্ত্রী যোগেন মহনৰ মন্তব্য
  • ধান বিক্রীৰ বাবে কৃষকে চাৰ্টিফিকেট ল'ব লাগিব।
  • ৰাজহ বিভাগৰ পৰা কৃষকে ল'ব লাগিব চাৰ্টিফিকেট।
  • মাল্টি অনাৰ্ছ, NC ভিলজ চাৰ্টিফিকেট ল'ব লাগিব।
  • লীজত লোৱাৰো চাৰ্টিফিকেট ল'ব ল'ব লাগিব।
  • গাঁও সভাত ২০০তকৈ যাতে বেছি মানুহ নহয় তাৰ বাবে উপায়ুক্তই দৃষ্টি ৰাখিব।
  • এগৰাকী খেতিয়কে ৫০ মেট্রিক টনতকৈ বেছি ধান বিক্রী কৰিব নোৱাৰিব।
  • অসমত বহু বেছি মধ্যভোগী আছে।
  • মধ্যভোগী নাইকীয়া কৰিবলৈ ব্যৱস্থা লোৱা হ'ব।
  • ইয়াৰ বাবে একাউণ্টছৰ জৰিয়তে খেতিয়কক ধন প্রদান কৰিব।
  • বজালী জিলা পৰিষদ গঠনৰ বাবে কেবিনেটৰ অনুমোদন জনোৱা হৈছে।
  • ভোগালীৰ ক্ষেত্রত সান্ধ্য আইনৰ শিথিলতা কৰা হ'বঃ কেশৱ মহন্ত।
  • নিশা ১০ বজাৰ পৰিৱৰ্তে নিশা ১১ বজাৰ পৰা হ'ব সান্ধ্য আইন।
  • আগন্তুক পৌৰ নিৰ্বাচন বেলটৰ পৰিৱৰ্তে EVM ত হ'ব নিৰ্বাচন।
  • ৭৪৩ গৰাকী কলেজ শিক্ষক নিযুক্তিত অনুমোদন কেবিনেট বৈঠকত।
  • ২৩৩টা তৃতীয় বৰ্গৰ পদ ঘোষণা।
  • ৫২৪ গৰাকী চতুৰ্থ বৰ্গৰ পদত নিযুক্তিত অনুমোদন।
  • মে' মাহৰ আগত নিযুক্তি প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিব লাগিব।
  • অসম গৌৰৱ, অসম বৈভৱ আৰু অসম সৌৰভ বঁটা ২৪ জানুৱাৰীত কলাক্ষেত্ৰত প্ৰদান কৰা হ'ব।
  • মুখ্যমন্ত্রী আৰু ৰাজ্যপালৰ উপস্থিতিত প্রদান কৰা হ'ব বঁটা।
  • ১ ফেব্রুৱাৰীৰ পৰা সদভাৱনা মিছন আৰম্ভ হ'ব।
  • ১০ মে'ৰ পূৰ্বে সম্পূৰ্ণ কৰা হ'ব সদভাৱনা মিছন।
  • এই সময়ত পুৰণি ফাইলৰ কাম শেষ কৰা হ'ব।