অসম

অমিক্ৰন আৰু বৰ্ধিত কোভিড সম্পৰ্কে ৰাজ্য চৰকাৰৰ আজি বিশেষ বৈঠক : জাৰি হ’ব পাৰে নতুন এছ অ’ পি….

asomiyapratidin

ডিজিটেল ডেস্কঃ ৰাজ্যত বৃহস্পতিবাৰৰ পৰা জাৰি হ'ব পাৰে নতুন এছ অ' পি। ক্ৰমান্বয়ে বৃদ্ধি পোৱা কোভিড আক্ৰান্তৰ লগতে অসমতো কোভিডৰ নতুন প্ৰকাৰ অমিক্ৰনত আক্ৰান্ত দুজন ব্যক্তি চিনাক্ত হোৱাৰ পিছতে ৰাজ্য চৰকাৰে সতৰ্কতামূলক ব্যৱস্থা গ্ৰহণৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিব।

বৃহস্পতিবাৰে দিনত দিছপুৰত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ পৌৰহিত্যত এক সভা অনু্ষ্ঠিত হ'ব। সভাত স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তৰ লগতে স্বাস্থ্য বিভাগৰ শীৰ্ষ বিষয়াসকল উপস্থিত থাকিব। এই বৈঠকতে অমিক্ৰন সংক্ৰমণক লৈ গ্ৰহণ কৰিব বিশেষ সতৰ্কতামূলক সিদ্ধান্ত।

ইতিমধ্যে ৰাজ্যত পুনৰ লকডাউন ঘোষণা কৰা নহয় বুলি উল্লেখ কৰিছে মুখ্যমন্ত্ৰী ড০ শৰ্মাই। সেই অনুসৰি বৰ্ধিত কোৰোনাৰ সংক্ৰমণ আৰু অমিক্ৰন ৰোধৰ বাবে বিভিন্ন ক্ষেত্ৰত নিষেধাজ্ঞাৰে নতুন এছ অ' পি জাৰি হ'ব পাৰে। ইতিমধ্যে দেশৰ অন্যান্য ৰাজ্যত শিক্ষানুষ্ঠানসমূহ সম্পূৰ্ণৰূপে বন্ধ কৰা হৈছে। অসমতো শিক্ষানুষ্ঠান বন্ধৰ সিদ্ধান্ত গ্ৰহণ কৰাৰ সম্ভাৱনা আছে।

ৰাজ্যৰ শিক্ষানুষ্ঠানসমূহৰ প্ৰাথমিক আৰু মাধ্যমিক পৰ্যায়ৰ শিক্ষাৰ্থীসকলৰ বাবে শিক্ষানুষ্ঠান বন্ধ কৰিব পাৰে। আনহাতে নৈশ সান্ধ্য আইনৰো সময় সীমা সলনি কৰাৰ সম্ভাৱনা আছে। ইয়াৰোপৰি ৰাজহুৱা সমাগমৰ ক্ষেত্ৰতো জাৰি কৰিব পাৰে বিশেষ নিৰ্দেশনা।

উল্লেখ্য যে অতি শেহতীয়াকৈ হোজাইত ধৰা পৰিছে অমিক্ৰনত আক্ৰান্ত এজন ৰোগী। ডুবাইৰ পৰা অসমলৈ অহা ব্যক্তিজনৰ দেহত ধৰা পৰিছে অমিক্ৰন। ইয়াৰ পূৰ্বে মেঘালয়ত ধৰা পৰিছিল অসমৰ এগৰাকী ১৩ বছৰীয়া কিশোৰৰ দেহত ধৰা পৰিছিল অমিক্ৰন। আক্ৰান্ত কিশোৰগৰাকী ইয়াৰ পিছৰে পৰা নিৰুদ্দেশ হৈ আছিল।