অসম

প্ৰাক্তন মন্ত্ৰী চন্দন সৰকাৰৰ আকস্মিক বিয়োগ

asomiyapratidin

ডিজিটেল সংবাদ, অভয়াপুৰীঃ প্ৰাক্তন মন্ত্ৰী তথা কংগ্ৰেছ নেতা চন্দন সৰকাৰৰ সোমবাৰে পুৱা মৃত্যু ঘটে। জ্যেষ্ঠ কংগ্ৰেছ নেতাগৰাকীৰ আকস্মিক বিয়োগে সমগ্ৰ ৰাজ্যৰ লগতে অভয়াপুৰীৰ শোকৰ ছাঁ পেলাইছে।

জানিব পৰা মতে, প্ৰাক্তন মন্ত্ৰীগৰাকীৰ হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ হৈ মৃত্যু ঘটে। পুৱা তেওঁক বঙাইগাঁওৰ এখন ব্যক্তিগত চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল।

প্ৰাক্তন মন্ত্ৰীগৰাকীৰ মৃত্যুত শংকৰ প্ৰসাদ ৰায়, ৰিপুণ বৰাকে ধৰি সতীৰ্থ ৰাজনৈতিক নেতাসকলৰ লগতে বিভিন্ন দল-সংগঠনে শোক প্ৰকাশ কৰিছে। ইফালে, সৰকাৰৰ নশ্বৰ দেহ চিকিত্সালয়ৰ পৰা ঘৰলৈ অনা বুলি জানিব পৰা গৈছে।