অসম

কোৰোনাৰ পাছত বানৰ তাণ্ডৱ অসমত! ৬জনে হেৰুৱাইছে প্ৰাণ…

asomiyapratidin

ডিজিটেল ডেস্কঃ কোৰোনাৰ মাজতে এইবাৰ বানৰ সমস্যাই দেখা দিছে অসমত। বৰ্তমান সময়লৈকে বানৰ ফলত ৰাজ্যত ৬জন লোকে প্ৰাণ হেৰুওৱাৰ লগতে ক্ষতিগ্ৰস্ত হৈছে প্ৰায় ৩.৭ লাখ লোক। এই কথা শনিবাৰে সদৰী কৰে ডিজাষ্টাৰ মেনেজমেন্ট অথৰিটীয়ে। নলবাৰী, গোৱালপাৰা, নগাওঁ, হোজাই, পশ্চিম কাৰ্বিআংলং আৰু তিনিচুকীয়াত বানৰ প্ৰভাৱ সৰ্বাধিক পৰা দেখা গৈছে।

মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে এই সন্দৰ্ভত কয়- চৰকাৰে বানৰ ফলত ক্ষতিগ্ৰস্ত হোৱা মীনপালক আৰু কৃষকসকলক ক্ষতিপূৰণ প্ৰদান কৰিব। লগতে তেওঁ কয় যে, বানৰ ফলত সৃষ্টি হোৱা গাৰখহনীয়াই গৃহহাৰা কৰা লোকসকলৰ এখন তালিকা কেন্দ্ৰীয় চৰকাৰক জমা দিয়া হ'ব।

অসম চৰকাৰে ইতিমধ্যে কেন্দ্ৰৰ তৰফৰ পৰা ৩৮৬কোটি টকা সাহায্য লাভ কৰিছে। আৰু এই ধন ৭৭২কোটি টকা এছডিআৰএফ সাহায্যৰ এটা অংশ। উল্লেখ্য যে, প্ৰায় ১৮০০০ লোক গৃহহাৰা হৈ ৰিলিফ কেম্পত আশ্ৰয় লৈ আছে। আৰু শনিবাৰলৈ ৰাজ্যত ১৯৫টা ৰিলিফ কেম্পত গৃহহাৰা লোকসকলক আশ্ৰয় দিয়া হৈছে বুলি জনাই এএছডিএমএ-য়ে।