অসম

বানৰ সংহাৰ অব্যাহত ৰাজ্যত…

asomiyapratidin

ডিজিটেল ডেস্ক: ৰাজ্যৰ বান পৰিস্থিতি এতিয়াও অপৰিৱৰ্তিত হৈয়ে আছে। প্ৰায়বোৰ নদীৰ পানীয়েই বিপদসীমাৰ ওপৰেৰে বৈ আছে। এতিয়ালৈকে ২৬ খন জিলা বানৰ কবলত পৰিছে। সেই জিলা কেইখন হ'ল বজালী, বৰপেটা, বিশ্বনাথ, কাছাৰ, চিৰাং, দৰং,ধেমাজি, ধুবুৰী, ডিব্ৰুগড়, ডিমা হাচাও, গোৱালপাৰা, গোলাঘাট, হাইলাকান্দি, হোজাই, কামৰূপ, কামৰূপ মহানগৰ, কৰিমগঞ্জ, লখিমপুৰ, মাজুলী, মৰিগাঁও, শোণিতপুৰ,তামুলপুৰ, তিনিচুকীয়া আৰু ওদালগুৰি।

বানত বিধ্বস্ত হৈছে গহপুৰ আৰু গোগামুখ। বিশ্বনাথত ৪টা, লখিমপুৰত এটা মথাউৰি ভাগিছে বানে। হেলেমৰ ব্ৰহ্মজান মথাউৰি বানে উটুৱাই নিছে। প্ৰায় ১৮ মিটাৰ উটি গৈছে বানত। গহপুৰত চেলেঙী নদীৰ ওপৰত থকা দলঙৰ এটা অংশ খহাই নিছে।

নাওবৈচাত বানে ভয়াৱহ ৰূপ ধাৰণ কৰিছে। এই বানত আক্ৰান্ত সকলৰ বাবে ৰিলিফ কেম্পৰো ব্যৱস্থা কৰা হৈছে। বুধবাৰৰ দিনা বানত মৃত্যুু হৈছে ১২ জনৰ লোকৰ। ইয়াৰে এজন বৰপেটা, এজন বিশ্বনাথত, দুজন কাছাৰত, দুজন চিৰাঙত, এজন দৰঙত,এজন ধেমাজি, এজন গোলাঘাট, এজন কামৰূপ মেট্ৰ', এজন লখিমপুৰ আৰু এজনৰ মৃত্যু হৈছে নগাঁৱত।

কামৰূপত মৃত্যু হোৱা জনৰ ভূমিস্খলনত মৃত্যু হৈছে। ৰাজ্যত মুঠ ৩ লাখ ৮০ হাজাৰ ৭২৯ টা পশুধন বানৰ কবলত পৰিছে।