অসম

অৱশেষত অসমৰ বাবে সময় ওলাল প্ৰিয়ংকা চোপ্ৰাৰ, টুইটাৰত লিখিলে- বানপীড়িতসকলৰ বাবে মই ঈশ্বৰৰ ওচৰত সেৱা জনাইছো…

asomiyapratidin

ডিজিটেল ডেস্কঃ বিগত কেইবাদিনো ধৰি বিধ্বংসী বানে ৰাজ্যত সৃষ্টি কৰিছে হাহাকাৰ পৰিস্থিতি। কেৱল মানুহেই নহয় খাদ্য আৰু নিৰাপদ স্থানৰ সন্ধানত বহু বন্যপ্ৰাণীয়ে হেৰুৱাইছে প্ৰাণ। বিধ্বংসী বানত ৰাজ্যত ২০ জনকৈ লোকে প্ৰাণ হেৰুৱাৰ পাছতহে অসমৰ বানপানীক লৈ গা লৰিল বেণ্ড এম্বেছাডৰ প্ৰিয়ংকা চোপ্ৰাৰ।

বুধবাৰে নিজৰ টুইটাৰ একাউন্টত অসমৰ বানপীড়িত সকলক উদ্দ্যেশি লিখিলে এনেদৰে- 'অসম আৰু ভাৰতৰ অন্য স্থানত বানপানীৰ ফলত যথেষ্ট ক্ষতিসাধন হৈছে। মই খুবেই দুখ অনুভৱ কৰিছো এই ক্ষতিগ্ৰস্ত লোকসমূহৰ বিষয়ে পঢ়ি। বানপীড়িতসকলৰ বাবে মই ঈশ্বৰৰ ওচৰত সেৱা জনাইছো।'

প্ৰিয়ংকাই টুইটাৰযোগে অসম আৰু ভাৰতৰ অন্য স্থানৰ বান পীড়িতসকললৈ সহায়ৰ আহ্বান জনায় । উল্লখ্য যে, অসমৰ বান পৰিস্থিতিক লৈ ৰাজ্যৰ পৰ্যটন ক্ষেত্ৰৰ বেণ্ড এম্বেছাডৰ প্ৰিয়ংকা চোপ্ৰাই বিগত দিনত কোনো প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাছিল।