অসম

আন্তঃৰাষ্ট্ৰীয় বক্সিঙত উজ্বলিল অসমৰ ভাগ্যৱতী

asomiyapratidin

ডিজিটেল ডেস্কঃ বিগত কিছুদিনৰ ভিতৰতে বিশ্বৰ ক্ৰীড়া ক্ষেত্ৰত কেইবাগৰাকীও অসম সন্তানে সফলতা আজুৰি আনিবলৈ সক্ষম হৈছে। হিমা, অংকুশিতা, হৃদয়কে ধৰি বহুকেইজন প্ৰতিভাৱান খেলুৱৈয়ে বিশ্বৰ ক্ৰীড়াক্ষেত্ৰত নিজকে এক শক্তিশালী স্থানত অৱস্থান কৰিছে।

শেহতীয়াকৈ আন এগৰাকী অসম সন্তানে আন্তঃৰাষ্ট্ৰীয় বক্সিঙত সফলতা লাভ কৰিবলৈ সক্ষম হৈছে। আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ আহমেট কৰ্মাট বক্সিঙত স্বৰ্ণ জিনিলে অসম কন্যা ভাগ্যৱতী কছাৰীয়ে।

ইস্তানবুলত অনুষ্ঠিত হোৱা বক্সিং প্ৰতিযোগিতাত তুৰস্কৰ বক্সাৰক পৰাভূত কৰি ভাগ্যৱতী কছাৰীয়ে অৰ্জন কৰে স্বৰ্ণৰ পদক। ইয়াৰোপৰি আন্তঃৰাষ্ট্ৰীয় বক্সিঙ প্ৰতিযোগিতাখনৰ শ্ৰেষ্ঠ বক্সাৰৰ সন্মানো লাভ কৰে ভাগ্যৱতীয়ে।