অসম

গোগামুখত পিতৃ-পুত্ৰৰ দাৰ ঘাপত গাঁওৰক্ষী বাহিনীৰ সভাপতি নিহত…

asomiyapratidin

ডিজিটেল সংবাদ ঢকুৱাখনা:  এক বৰ্বৰ ,জঘন্য নাৰকীয় হত্যাকাণ্ড সংঘটিত হৈছে ধেমাজি জিলাৰ গোগামুখ আৰক্ষী থানাৰ এলেকাত। এহাল নৰহত্যাকাৰী পিতৃ-পুত্ৰৰ নিৰ্মম দাৰ ঘাপত এগৰাকী নিৰীহ  নাগৰিকৰ অকাল মৃত্যু ঘটিছে।  ঘটনাটো শুকুৰবাৰৰ নিশা সংঘটিত হৈছিল ।

গোগামুখ থানাৰ অন্তৰ্গত গুড়ৰথালী গাঁৱৰ সৰবৰহী ব্যক্তি তথা গাঁওখনৰ গাঁওৰক্ষী বাহিনীৰ সভাপতি দিলীপ চুতীয়া (৫৫)ই শুকুৰবাৰে সন্ধিয়া ৬-৩০ মান বজাত সমীপৰ এখন দোকানলৈ গৈ আছিল ঘৰুৱা সামগ্ৰী ক্ৰয়ৰ বাবে । এনে সময়তে গাঁওখনৰ দুই পাষান চৰিত্ৰৰ ব্যক্তি টিকেন্দ্ৰ চুতীয়া (৪৫ আৰু তেওঁৰ পুত্ৰ সঞ্জীৱ চুতীয়া (২৩)ই দিলীপ চুতীয়াক বলপূৰ্বক আগভেটি ধৰি  সামান্য কথাকলৈ বাক বিতণ্ডাৰ সৃষ্টি কৰে ।

এটা সামান্য কথাকলৈ দুই পক্ষৰ মাজত সূত্ৰপাত ঘটা মনোমালিন্যৰ পৰৱৰ্তী সময়ত বিষয়টো শাম কাটিছিল যদিও দুই বৰ্বৰ পিতা পুত্ৰই আকস্মিক ভাবে ওচৰৰ পৰা চোকা অস্ত্ৰ আনি  দিলীপ চুতীয়াক প্ৰাণনাশী আক্ৰমণ চলাই আৰু উপৰ্যুপৰি ঘপিয়াই  । 

ঘটনাৰ আকস্মিতাত বিতত হৈ দিলীপ চুতীয়াই আর্তচিৎকাৰ কৰি মাটিত ঢলি পৰে । পাছত আত্মীয় আৰু গঞাই চিৎকাৰৰ উৎস বিচাৰি আহি চুতীয়াক তেজেৰে তুমৰলী হৈ পৰি থকা দেখি ততাতৈয়াকৈ গোগামুখৰ সামূহিক চিকিৎসালয়লৈ নিয়ে যদিও চিকিৎসকে চুতীয়াক মৃত ঘোষণা কৰে ।

এগৰাকী নিৰীহক বিনা কাৰণত বৰ্বৰ ভাবে হত্যা কৰাৰ খবৰ বিয়পি পৰাৰ লগে লগে ৰাইজৰ ৰোষৰ বলি হোৱাৰ ভয়ত দুই নৰ হত্যাকাৰী পিতা পুত্ৰই গোগামুখ থানাত আত্মসমৰ্পণ কৰে ।সমগ্ৰ গুড়ৰখালী অঞ্চলত শোকৰ বন্যা বোৱাই দিয়া এনে মৰ্মান্তিক  ঘটনা  সন্দৰ্ভত নিশাই নিহতৰ পৰিয়ালৰহৈ ভাই চুতীয়াই গোগামুখ থানাত এজাহাৰ দাখিল কৰি হত্যাকাৰীৰ দৃষ্টান্তমূলক শাস্তি দাবী জনায় ।

আৰক্ষীয়ে দুই পাষণ্ড নৰাধম পিতা-পুত্ৰক গ্ৰেপ্তাৰ কৰি শনিবাৰে ধেমাজি জিলা ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰিছে । আৰক্ষীয়ে হত্যাকাণ্ডত ব্যৱহাৰ কৰা চোকা অস্ত্ৰ জব্দ কৰি তদন্ত অব্যাহত ৰাখিছে।  ন্যায়কামী ৰাইজে  নৰহত্যাকাৰী বৰ্বৰ পিতা-পুত্ৰৰ ফাঁচীৰ দাবী জনাইছে ।