অসম

চতুৰ্থ অসম আৰক্ষী বাহিনীৰ মুখ্য কাৰ্যালয়ত সামৰিক সন্মানেৰে কাৰ্যভাৰৰ পৰা বিদায় অসম আৰক্ষীৰ সঞ্চালকপ্ৰধান কুল শইকীয়াক

asomiyapratidin
  • আনুষ্ঠানিকভাৱে অৱসৰ ল'লে অসম আৰক্ষীৰ সঞ্চালকপ্ৰধান কুলধৰ শইকীয়াই।
  • সামৰিক সন্মানেৰে অসম আৰক্ষীয়ে কাৰ্যভাৰৰ পৰা বিদায় জনালে শইকীয়াক।
  • ৩৪ বছৰ অসম আৰক্ষীত সেৱা আগবঢ়াই অৱসৰ গ্ৰহণ শইকীয়াৰ।
  • ১৯৮৫ বেটছৰ আই পি এছ বিষয়া আছিল কুলধৰ শইকীয়া।
  • ২০১৮ চনৰ ১ মে'ত অসম আৰক্ষীৰ সঞ্চালকপ্ৰধান ৰূপে নিযুক্তি লাভ কৰিছিল তেওঁ।
  • ২০১৯ৰ ৩১ আগষ্টত অৱসৰ গ্ৰহণৰ কথা আছিল শইকীয়াৰ।
  • ৰাজ্য চৰকাৰে ৩ মাহলৈ বৃদ্ধি কৰে তেওঁৰ কাৰ্যকাল।
  • তাৰ পিছতে ৩০ নৱেম্বৰত অৱসৰ গ্ৰহণ কৰে আৰক্ষী সঞ্চালকপ্ৰধানগৰাকীয়ে।
  • শনিবাৰে চতুৰ্থ অসম আৰক্ষী বাহিনীৰ মুখ্য কাৰ্যালয়ত অসম আৰক্ষীৰ ফালৰ পৰা জনোৱা হয় আনুষ্ঠানিক বিদায়।
  • অসম আৰক্ষী বাহিনীৰ মুখ্য কাৰ্যালয়ত বিদায় পেৰেড অনুষ্ঠানত কুলধৰ শইকীয়াক বিদায় জনায় নৱনিযুক্ত ভাৰপ্ৰাপ্ত আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তই।
  • বিদায় পেৰেড অনুষ্ঠানত উপস্থিত থাকে অসম আৰক্ষীৰ কেইবাগৰাকীও শীৰ্ষ বিষয়া।