অসম

ঢকুৱাখনাত বিত্তীয় প্ৰবঞ্চনাৰ বিৰুদ্ধে কংগ্ৰেছৰ প্ৰতিবাদ

Asomiya Pratidin

ডিজিটেল সংবাদ,ঢকুৱাখনা : বিত্তীয় প্ৰবঞ্চনাৰ বিৰুদ্ধে কংগ্ৰেছৰ প্ৰতিবাদ । ঢকুৱাখনা ব্লক কংগ্ৰেছ সমিতিৰ উদ্যোগত ভাৰতীয় ষ্টেট বেংকৰ ঢকুৱাখনা শাখাৰ সন্মুখত বুধবাৰে দুপৰীয়া সাব্যস্ত কৰা হয় এই প্ৰতিবাদ।

ভাৰতবর্ষৰ সৰ্বসাধাৰণ নাগৰিকৰ সঞ্চিত পুঁজিলৈ লুলোপ দৃষ্টি দি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে ভাৰতীয় জীৱন বীমা নিগম আৰু ভাৰতীয় ষ্টেট বেংকক আদানীৰ দৰে পুঁজিপতি গোষ্টীক গতাই দি ৰাষ্ট্ৰজুৰি আৰম্ভ কৰা অৰ্থনৈতিক প্ৰৱঞ্চনাৰ বিৰুদ্ধে বুধবাৰে ঢকুৱাখনাত সবল প্ৰতিবাদ সাব্যস্ত কৰে।

অসম প্ৰদেশ কংগ্ৰেছ সমিতিৰ সাধাৰণ সম্পাদক পদ্মলোচন দলে , প্ৰদেশ কংগ্ৰেছৰ সদস্য মুকুল গগৈ, লখিমপুৰ জিলা কংগ্ৰেছৰ বিষয়ববীয়া কেশেন চেতিয়া,  ঢকুৱাখনা ব্লক কংগ্ৰেছৰ সভাপতি তৰুণ চেতিয়া ,ব্লক যুৱ কংগ্ৰেছৰ সভাপতি অনুপ বৰুৱা আদিৰ নেতৃত্বত অৰ্ধ শতাধিক কংগ্ৰেছী কৰ্মীয়ে প্ৰতিবাদী কার্যসূচীত অংশগ্ৰহণ কৰি সবল প্ৰতিবাদ সাব্যস্ত কৰে।

প্ৰতিবাদী সভাত প্ৰদেশ কংগ্ৰেছৰ সম্পাদক পদ্মলোচন দলেয়ে বক্তব্য ৰাখি কয় প্ৰধানমন্ত্ৰী মোদীৰ পৃষ্ঠপোষকতাত একালৰ নাম নোহোৱা পুঁজিপতি আদানীৰ নাম বিশ্বৰ ধনাঢ্য ব্যক্তিলৈ উত্তৰণ ঘটিল। ভাৰতীয় জীৱন বীমা নিগমৰ প্ৰায় ৩০ কোটি বীমাকাৰী আৰু ভাৰতীয় ষ্টেট বেংকৰ  ৪৫ কোটি গ্ৰাহকৰ সঞ্চিত পুঁজিৰ সমস্ত আদানীক ঋণ দি শ্বেয়াৰ মাৰ্কেটত বিনিয়োগ কৰাই দেশৰ অৰ্থনৈতিক অৱস্থা বিধ্বস্ত কৰাই নহয় সাধাৰণ জনতাৰ সঞ্চিত পুঁজিলৈ গভীৰ অনিশ্চয়তা আনি দিছে । তাৰেই প্ৰতিবাদত এই প্ৰতিবাদ সাব্যস্ত কৰা বুলি কৈ দলেয়ে জনসাধাৰণৰ  সঞ্চিত পুঁজিৰ নিৰাপত্তা দিয়াৰ দাবী জনায় আৰু এই সন্দৰ্ভত এক উচ্চ পৰ্যায়ৰ তদন্ত দাবী জনাই।

ষ্টেট বেংকৰ সন্মুখত প্ৰায় ডেৰ ঘণ্টা  ধৰি  সাব্যস্ত কৰা প্ৰতিবাদৰ ফলত বেংকৰ স্বাভাৱিক কাম কাজ বিঘ্নিত হয় । ঢকুৱাখনা ব্লক মহিলা কংগ্ৰেছ , যুৱ কংগ্ৰেছ, এন এছ ইউ আই, সেৱা বাহিনী আদি গৰিষ্ঠ সংখ্যক কৰ্মকর্তাই অংশগ্ৰহণ কৰা প্ৰতিবাদী কাৰ্যসূচীত ব্লক সভাপতি তৰুণ চেতিয়া , ব্লক যুৱ কংগ্ৰেছৰ সভাপতি অনুপ বৰুৱা আদিয়ে বক্তব্য আগবঢ়ায়।

মোদী চৰকাৰৰ জনবিৰোধী নীতি আৰু  দেশৰ  সাধাৰণ নাগৰিকৰ সঞ্চিত পুঁজি ,জীৱন আৰু ভৱিষ্যত দুৰ্বিসহ কৰি বিজেপি দলে বৃহৎ পুঁজিপতি গোষ্ঠীৰ চৰণত শৰণ লোৱা অবিবেচকী কাৰ্যৰ তীব্ৰ ককৰ্থনা কৰে ।