আলফা(স্বা) ৰ নেতৃত্বৰ সৈতে যোগাযোগত আছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব...
আলফা(স্বা) ৰ নেতৃত্বৰ সৈতে যোগাযোগত আছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব... 
অসম

আলফা(স্বা) ৰ নেতৃত্বৰ সৈতে যোগাযোগত আছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব...

Asomiya Pratidin

ডিজিটেল ডেস্ক: মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শুকুৰবাৰে কয় যে তেওঁ তেওঁৰ কাৰ্যকালৰ ভিতৰত পৰেশ বৰুৱা নেতৃত্বাধীন আলফা(স্বা)ৰ সৈতে সমস্যা সমাধান কৰিব বিচাৰে। দিল্লীত কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহ, কেন্দ্ৰীয় গৃহ সচিব অজয় ভল্লা আৰু চোৰাংচোৱা ব্যুৰোৰ সঞ্চালক তপন কুমাৰ ডেকাৰ সৈতে বৈঠকৰ পিছত মুখ্যমন্ত্ৰীয়ে এই কথা কয়।

লগতে কয় যে তেওঁ আলফা(স্বা)ৰ নেতৃত্বৰ সৈতে যোগাযোগত আছে। নতুন দিল্লীৰ অসম ভৱনত সাংবাদিকৰ সৈতে বাৰ্তালাপ কৰি শৰ্মাই কয়, আলফা(স্বা)ক আলোচনাৰ মাজলৈ অনাৰ বাবে চেষ্টা অব্য়াহত আছে। আমি সকলোৱে আলফা(স্বা)ৰ সমস্যাৰ বিষয়ে অৱগত। আৰু আলফা(স্বা)ৰ লগত পৰোক্ষভাৱে যোগাযোগত আছো।

মুখ্যমন্ত্ৰীয়ে আশা কৰিছে যে আলফা(স্বা) অতি শীঘ্ৰেই শান্তি আলোচনাৰ মাজলৈ আহিব আৰু অহা ৩ বছৰৰ ভিতৰত সকলো সমস্যা সমাধান হ'ব। ইয়াৰ ফলত ৰাজ্যখনত কেইবাটাও দশক ধৰি চলি থকা সমস্যাৰ অন্ত পৰিব।

বিজেপিয়েও শান্তি আলোচনা আহ্বান কৰিছে আলফা(স্বা)ৰ সৈতে। বিজেপিৰ সাংসদ কামাখ্যা প্ৰসাদ তাছাই কয় যে মানুহে এতিয়া বিচাৰে যে পৰেশ বৰুৱা আলোচনাৰ বাবে আগবাঢ়ি আহক। পৰেশ বৰুৱাৰ এখন পৃথক ৰাজ্যৰ চিন্তা এতিয়া ভিত্তিহীন।

ইয়াৰোপৰি কিছুদিন পূৰ্বে সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত মুখ্যমন্ত্ৰী গৰাকীয়ে কৈছিল, পৰেশ বৰুৱাক সাৰ্বভৌমত্বৰ দাবী ত্যাগ কৰি যুদ্ধবিৰতিৰ বাবে কেৱল অসমৰ লোকেহে মনাব পাৰে।

আৰু পঢ়ক: মুুখ্যমন্ত্ৰীৰ কাৰ্টুন শ্বেয়াৰ! ১০ বছৰ কাৰাদণ্ড আৰু...