চৰকাৰী চাকৰিয়াল আৰু পেঞ্চনাৰে পাব কোভিড চিকিৎসা ব্যয়ৰ ধন ! কেবিনেটৰ সিদ্ধান্ত...
চৰকাৰী চাকৰিয়াল আৰু পেঞ্চনাৰে পাব কোভিড চিকিৎসা ব্যয়ৰ ধন ! কেবিনেটৰ সিদ্ধান্ত... 
অসম

বিদ্যালয় প্ৰাদেশীকৰণৰ পৰা সংস্থাপনলৈকে, ৰাজ্যিক কেবিনেটৰ সিদ্ধান্ত...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ বুধবাৰে জনতা ভৱনত অনুষ্ঠিক হয় ৰাজ্য চৰকাৰৰ কেবিনেট বৈঠক। বৈঠকৰ পিছত মন্ত্রী জয়ন্ত মল্লবৰুৱাৰ সংবাদমেল সম্বোধন কৰি কেবিনেটৰ সিদ্ধান্ত সমূহৰ বিষয়ে জনায়। তলত সৱিশেষ উল্লেখ কৰা হ'ল-

  • চাহ বাগিচাৰ ৪১৯ খন বিদ্যালয় প্রাদেশীকৰণৰ সিদ্ধান্ত।

  • শিক্ষকতা কৰি থকা শিক্ষকসকলৰ পদ প্রদেশিকৃত নহয়।

  • বিদ্যালয়সমূহ বাগানৰ কৰ্তৃত্বতে থাকিব।

  • প্রাথমিক বিদ্যালয়ত দুজনকৈ শিক্ষক নিযুক্তি দিয়া হ’ব।

  • হাইস্কুলত এজন প্রধান শিক্ষক, ৫জন সহকাৰী শিক্ষকক নিযুক্তি দিয়া হ’ব।

  • মধ্যমিক বিদ্যালয়ত ৩ পদ সৃষ্টি কৰা হ’ব।

  • মিড দে মিল ইউনিফৰ্ম, কিতাপ চৰকাৰে বহন কৰিব।

  • ইয়াৰ বাবে চৰকাৰে বছৰি বহন কৰিব ৩৩ কোটি টকা।

মুখ্যমন্ত্রীৰ স্ব-নিয়োজন আঁচনিক লৈ কেবিনেটৰ সিদ্ধান্ত

  • ২ লাখ আত্ম সংস্থাপনৰ কথা কোৱা হৈছিল ।এই সিদ্ধান্ত অনুযায়ী এহাজাৰ কোটি টকা কেবিনেটে অনুমোদন দিয়ে।

  • মহিলাসকলক সংস্থাপনৰ বাবে ১০০০ টকাকৈ দিয়াৰ সিদ্ধান্ত।

  • প্রজেক্ট বনাই চৰকাৰক দিলে পিছৰ বছৰত ১০ হাজাৰকৈ দিয়া হ’ব।

  • PMAYৰ গৃহ সন্দৰ্ভতো কেবিনেটত নতুন সিদ্ধান্ত।

  • নিজা মাটি নথকা লোকক ভূমি আবণ্টনৰ দায়িত্ব জিলা উপায়ুক্তক।

  • তেনে লোকক ৩ৰ পৰা ৫ লেচা মাটি আবণ্টন দিব পাৰিব।