- মেঘালয়ৰ গাৰো পাহাৰত পুনৰ অসমৰ ব্যৱসায়ীৰ মৃত্যুদেহ উদ্ধাৰ
- ব্যৱসায়ী জনৰ নাম নুৰ আজিজ।
- পূব গাৰো পাহাৰ জিলাৰ ডালু থানা এলেকাৰ খেৰাপাৰা পাহাৰত উদ্ধাৰ মৃত্যুদেহটো।
- যোৱা দেওবাৰে একেলগে অপহৰণ হৈছিল মানকাচৰৰ দুই ব্যৱসায়ী।
- দুদিন পূৰ্বে ৰাবিউল ইছলামৰ মৃতদেহ উদ্ধাৰ হোৱাৰ পাছত মানকাচৰত দল সংগঠনৰ মাজত উত্তেজনাৰ সৃষ্টি হৈছিল।
- শুকুৰবাৰে আন জন ব্যৱসায়ীৰ মৃত্যুদেহ উদ্ধাৰক লৈ মানকাচৰত চেপা উত্তেজনা বিৰাজ কৰিছে।
- মেঘালয়ৰ সৈতে অসমৰ ব্যৱসায়ী সকলে অসহযোগ আন্দোলন কৰাৰ হুংকাৰ ক্ষুদ্ৰ ব্যৱসায়ী, দল-সংগঠনৰ।
- এতিয়াও ৩ জন ব্যৱসায়ী মেঘালয়ৰ গাৰো উগ্ৰপন্থীৰ কবলত আছে।
- মেঘালয় চৰকাৰে ব্যৱস্থা গ্ৰহণ নকৰিলে মেঘালয়ৰ উগ্ৰপন্থীৰ বিৰুদ্ধে আন্দোলনৰ হুংকাৰ দল-সংগঠনৰ।