অসম

পূৰ্ব পৰিকল্পিত আছিল বটদ্ৰৱা কাণ্ডঃ দুষ্কৃতিকাৰীয়ে প্ৰথমে জ্বলাই দিছিল থানাৰ ফাইল

asomiyapratidin

ডিজিটেল ডেস্কঃ পূৰ্ব পৰিকল্পতি আছিল বট্ৰদৱাৰ লংকাকাণ্ড ! শেহতীয়াকৈ পোহৰলৈ আহিছে এই তথ্য। এক ভিডিঅ'ই এই সন্দৰ্ভত সৃষ্টি কৰিছে সন্দেহ। প্ৰথমে থানাৰ ভিতৰত থকা ফাইলত কোনো দুষ্কৃতিকাৰীয়ে কৰিছিল অগ্নিসংযোগ।

শুকুৰবাৰে নিশা এজন মদাহীক পথৰ পৰা উঠাই অনাৰ পিছত শনিবাৰে আৰক্ষীৰ জিম্মাত থকাৰ সময়তে লোকজনৰ মৃত্যু হোৱাক কেন্দ্ৰ কৰি বটদ্ৰৱা থানাত সৃষ্টি হৈছিল লংকাকাণ্ড। প্ৰায় ২ হাজাৰ লোকে বটদ্ৰৱা থানাত চলাইছিল ধ্বংসলীলা।

প্ৰতিবাদৰ নামত ধ্বংসলীলা চলোৱা এইসকল লোকে থানাৰ বিভিন্ন সা-সামগ্ৰী লণ্ডভণ্ড কৰাৰ লগতে থানা চৌহদত অগ্নিসংযোগ কৰিছিল। এই অগ্নি সংযোগৰ দৃশ্য ইতিমধ্যে ভাইৰেল হৈ পৰিছে আৰু স্পষ্টভাৱে দেখা গৈছে এগৰাকী মহিলাই এই অগ্নি সংযোগ কৰিছে আৰু বহু লোকে হাতত পেট্ৰ'লৰ বটল লৈ আহিছে।

শেহতীয়াকৈ আন এক ভিডিঅ' পোহৰলৈ আহিছে। প্ৰতিবাদৰ নামত চলা ধ্বংসলীলাৰ মাজতে একাংশ দুষ্কৃতিকাৰীয়ে থানাৰ ভিতৰত থকা বিভিন্ন নঠি-পত্ৰ তথা ফাইলসমূহত অগ্নি সংযোগ কৰিছিল। ফাইলসমূহ জ্বলাই দি পূৰ্বৰ ৰেকৰ্ড ধ্বংস কৰিছিল এইসকল দুষ্কৃতিকাৰীয়ে। ইফালে আৰক্ষীয়ে এই ঘটনাৰ সৈতে জেহাদী থকাৰো সন্দেহ প্ৰকাশ কৰিছে। ধ্বংসকাৰীৰ মাজতে আৰক্ষীয়ে দেখা পাইছে কেইবাজনো ড্ৰাগছ ব্যৱসায়ী তথা অপৰাধী। তাৰ মাজতে থানাৰ ভিতৰত প্ৰথমে ফাইলসমূহ জ্বলাই দিয়াৰ এই ভিডিঅ' পোহৰলৈ অহাত এতিয়া প্ৰায় নিশ্চিত হৈছে যে, পূৰ্ব পৰিকল্পতিভাৱে একাংশ দুষ্কৃতিকাৰীয়ে আহি থানাৰ ভিতৰত ৰেকৰ্ড ধ্বংসৰ বাবে ফাইলত অগ্নি সংযোগ কৰিছিল।