অসম

সোমবাৰে শিলচৰত ভাৰত-বাংলাদেশৰ উপায়ুক্ত পৰ্যায়ৰ বৈঠক

asomiyapratidin

ডিজিটেল সংবাদ, শিলচৰঃ ভাৰত-বাংলাদেশ সীমান্তৱৰ্তী জিলা সমুহৰ মাজত সু সম্পৰ্ক গঢ়ি তোলাৰ উদ্দেশ্যে সোমবাৰে শিলচৰত দুয়োখন দেশৰ প্ৰতিনিধিৰ মাজত এখন উচ্চ পৰ্যায়ৰ বৈঠক অনুষ্ঠিত হ'ব৷ উপায়ুক্ত পৰ্যায়ৰ এই বৈঠকখনত ভাৰত-বাংলাদেশ সীমান্তৱৰ্তী কাছাৰ আৰু কৰিমগঞ্জৰ জিলাৰ বিপৰীতে বাংলাদেশৰ মৌলৱী বজাৰ আৰু ছিলেট জিলাৰ উপায়ুক্ত, আৰক্ষী অধীক্ষক, বিজিবি, বিএছএফসহ বিভিন্ন বিভাগৰ শীৰ্ষ বিষয়া সকলে অংশগ্ৰহণ কৰিব৷

বিশেষকৈ, সীমান্তৰে ড্ৰাগছ, গৰু, ম'হ, জাল নোটৰ চোৰাং কাৰবাৰ বন্ধ কৰা, সীমা সমস্যা, কাঁইটীয়া তাঁৰৰ বেৰ নিৰ্মাণ আদি বিষয় বৈঠকত আলোচনা হ'ব বুলি জানিব পৰা গৈছে৷ মৌলৱী বজাৰৰ জিলা মেজিষ্ট্ৰেট নাজিয়া চিৰিন, ছিলেট জিলাৰ জিলা মেজিষ্ট্ৰেট এম কাজি ইমদাদুল ইছলাম, মৌলৱী বজাৰ আৰু ছিলেট জিলাৰ আৰক্ষী অধীক্ষক ক্ৰমে শ্বাহ জালাল আৰু মঃ ফৰিদ উদ্দিন, বিজিবিৰ জকিগঞ্জ ১৯ বেটেলিয়নৰ সঞ্চালক লেফটেনেন্ট কৰ্ণেল ছায়িদ হুছেইনসহ কে'বাজনো শীৰ্ষ বিষয়া বৈঠকত উপস্থিত থাকিব৷

বাংলাদেশৰ প্ৰতিনিধি দলটোৰ নেতৃত্ব দিব মৌলৱী বজাৰৰ ডিষ্ট্ৰিক্ট মেজিষ্ট্ৰেট নাজিয়া চিৰিনে৷ আনহাতে, ভাৰতৰ প্ৰতিনিধি দলটোত কাছাৰ আৰু কৰিমগঞ্জৰ উপায়ুক্ত আৰু আৰক্ষী অধীক্ষকৰ লগতে বিএছএফসহ অন্যান্য বিভাগৰ শীৰ্ষ বিষয়া সকলে অংশগ্ৰহণ কৰিব৷ বাংলাদেশৰ প্ৰতিনিধি দলটোক আদৰি আনিবলৈ ইতিমধ্যে কাছাৰ আৰু কৰিমগঞ্জৰ পৰা কে'বাজনো দণ্ডাধীশ আৰু আৰক্ষী বিষয়া কৰিমগঞ্জৰ বাংলাদেশ সীমান্তৱৰ্তী সুতাৰকান্দিলৈ ৰাওনা হৈছে৷

দিনৰ এক বজাত দলটোক স্বাগতম জনাই শিলচৰলৈ লৈ আহিব৷ সোমবাৰে বৈঠক আৰম্ভ হোৱাৰ পুৰ্বে দেওবাৰে সন্ধিয়া শিলচৰৰ বংগ ভৱনত বাংলাদেশৰ অতিথি সকলৰ সন্মানৰ্থে এক সাংস্কৃতিক অনুষ্ঠানৰো আয়োজন কৰিছে কাছাৰ জিলা প্ৰশাসনে৷