অসম

আক্ৰাছুৰ অসম বন্ধক লৈ বাক্সাৰ গুৱাবাৰীত উত্তেজনা

asomiyapratidin

ডিজিটেল সংবাদ, তামুলপুৰঃ ইউ টি চিৰ বিৰোধিতা আৰু কোচ ৰাজবংশীসকলক জনজাতিকৰণক লৈ আক্ৰাছুৱে আহ্বান জনোৱা বন্ধৰ সময়ছোৱাত আজি দ্বিতীয় দিনা বাক্সা জিলাৰ গুৱাবাৰীত তীব্ৰ উত্তেজনাৰ সৃষ্টি হয়৷

আক্ৰাছুৰ একাংশ সদস্যই জিলাখনৰ তামুলপুৰ মহকুমাৰ অন্তৰ্গত গুৱাবাৰী বজাৰৰ দোকান বন্ধ কৰাৰ আহ্বান জনোৱাৰ সময়তে স্থানীয় ৰাইজ আৰু বন্ধ সমৰ্থকৰ মাজত হতাহতি লাগে৷

বন্ধ সমৰ্থকসকলে এখন মাল কঢ়িওৱা টেম্পোৰ ক্ষতিসাধন কৰাৰ লগতে চালকজনকো মাৰধৰ কৰে৷ পিচত আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে৷