স্বাভাৱিক জন-জীৱনঃ আলফাৰ বন্ধৰ নাই প্ৰভাৱ...
স্বাভাৱিক জন-জীৱনঃ আলফাৰ বন্ধৰ নাই প্ৰভাৱ... 
অসম

স্বাভাৱিক জন-জীৱনঃ আলফাৰ বন্ধৰ নাই প্ৰভাৱ...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ সংযুক্ত মুক্তি বাহিনী অসম (স্বাধীন) চমুকৈ আলফাই গণৰাজ্য দিৱস বৰ্জনৰ আহ্বান জনাইছিল। আলফাৰ প্ৰচাৰ বিভাগৰ সদস্য ৰুমেল অসমে প্ৰেৰণ কৰা এক প্ৰেছ বিবৃতিৰ জৰিয়তে ২৬ জানুৱাৰীৰ দিনটোক বৰ্জনৰ হুংকাৰ দিয়াৰ পিছতে ৰাজ্যজুৰি সৃষ্টি হৈছিল ব্যাপক প্ৰতিক্ৰিয়া।

শান্তি আলোচনাৰ চৰ্চাৰ মাজতে আলফাৰ এনে স্থিতিত লৈ বিবুধিত পৰিছিল জনতা। অৱশ্যে একেটা দিনতে সৰস্বতী পূজাও হোৱাত আলফাই ঘোষণা কৰা বন্ধৰ পৰা সৰস্বতী পূজাকে ধৰি সকলো ধৰণৰ মাংগলিক অনুষ্ঠান, জৰুৰীকালীন সেৱা আৰু সংবাদ প্ৰতিষ্ঠানক ৰেহাই দিয়া হৈছিল।

আলফাৰ এই বন্ধ ঘোষণাই অৱশ্যে ৰাজ্যত ব্যাপক প্ৰভাৱ পেলাব নোৱাৰিলে। যি কাৰণতেই নহওক, পূৰ্বে আলফাৰ বন্ধত যেনে এক পৰিৱেশৰ সূচনা হয় তেনে পৰিৱেশ অৱশ্যে এইবাৰ প্ৰত্যক্ষ নহ'ল।

গুৱহাটী মহানগৰীত বন্ধৰ কোনো প্ৰভাৱ দেখা পোৱা নগ'ল। স্বাভাৱিক ভাৱেই চলি আছে সকলোধৰণৰ যান-বাহন। একেদৰে ৰাজ্যৰ আন আন প্ৰান্ততো নাই বন্ধৰ ব্যাপক প্ৰভাৱ।

তাৰ পৰিৱৰ্তে সৰস্বতী পূজাৰ সমান্তৰালকৈ দেখা গৈছে গণৰাজ্য দিৱসৰো উৎসাহ, উদ্দিপনা। অৱশ্যে উজনি অসমৰ ঠাই ভেদে বন্ধৰ কিছু প্ৰভাৱ পৰিলক্ষিত হোৱা বুলি খবৰ আহিছে।