অসম

মাদ্ৰাছৰ অসম এছ’চিয়েছন আৰু জনতা দল ইউনাইটেডৰ মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ খাদ্য সামগ্ৰীসহ ১.৭৫ লাখ টকা

asomiyapratidin

ডিজিটেল ডেস্কঃ সমাজ এখনেই। সমাজত বাস কৰা লোকসকলৰ চিন্তাৰ থাকে ভিন্নতা। কোনো লোক যদি ইতিবাচক, আন কোনো নেতিবাচক। সমাজত থাকে ভিন্ন চিন্তাধাৰাৰ অনেক মানুহ। যিসকলৰ কিছু লোক সকলো ফালৰে পৰাই সমৃদ্ধ আৰু আন কিছু লোক সামান্য সুবিধাৰ পৰাও বঞ্চিত।

এনে দুই ধৰণৰ মানুহ আছে যদিও আনৰ দুখত দুখী হোৱা মানুহ আজিৰ সমাজত তেনেই তাকৰ। লগতে এচামৰ ধনে ধানে সকলো ফালৰ পৰা ভাল অৱস্থা হোৱাৰ পাছতো আনক সহায় কৰিব পৰা মনটো নথকাৰ বাবেই তেওঁলোকে কাকো একো দিব নোৱাৰে।
কিন্তু সমাজত নিজা উপাৰ্জনেৰে চলা কিছুমান বহল মনৰ মানুহেও আনৰ বিপদৰ সময়ত নিজৰ সকলো আনৰ বাবে আগবঢ়াই আহিছে।

ৰাজ্যত অহা প্ৰচণ্ড বানে ক্ষতি কৰিলে ৩০ খন জিলাৰ জনসাধাৰণক। বন্যাৰ্তক সহায় কৰিবলৈ বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠান তথা ব্যক্তি-বিশেষ আগবাঢ়ি আহিছে। কোনো লোকে যদি সাহায্য সামগ্ৰীৰ যোগান ধৰিছে, আন কোনো লোকে মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ আগবঢ়াইছে আৰ্থিক সাহায্য।

সোমবাৰে অসম এছ'চিয়েছন, মাদ্ৰাছ আৰু জনতা দল ইউনাইটেডেও ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ সাহায্য পুঁজিলৈ আগবঢ়াইছে ১ লাখ ৭৫ হাজাৰ টকা। অসম এছ'চিয়েছন, মাদ্ৰাছ আৰু জনতা দল ইউ'নাইটেড অসমৰ কাৰ্যকৰী সভাপতি কৌশিক প্ৰাণ শৰ্মাৰ সহযোগত আগবঢ়োৱা হয় এই ধনৰাশী। ইফালে আৰ্থিক সহযোগিতাৰ লগতে তেওঁলোকে প্ৰদান কৰে এক ট্ৰাক খাদ্য সামগ্ৰী।

ৰাজ্যৰ উজনিৰ পৰা নামনিলৈকে বান-পৰিস্থিতিৰ ফলত বিভিন্ন অঞ্চলৰ লাখ-লাখ লোকৰ জীৱন সম্পত্তি নষ্ট হোৱাৰ খবৰ সংবাদ মাধ্যমযোগে প্ৰচাৰ হোৱাৰ পিছতে এনেদৰে সহায় কৰিবলৈ আগবাঢ়ি আহিছে মাদ্ৰাজৰ অসম এছ'চিয়েছন। মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰি প্ৰদান কৰা হয় এই ধনৰাশী।