- অসম বিধানসভাত সৃষ্টি হৈছে উত্তপ্ত পৰিস্থিতি।
- অসম-মিজোৰাম সীমা সমস্যাক কেন্দ্ৰ কৰি উত্তপ্ত হৈছে সদন।
- কংগ্ৰেছৰ বিধায়ক কমলাক্ষ দে' পুৰকায়স্থই সীমান্তৰ সমস্যা সন্দৰ্ভত উত্থাপন কৰিছিল প্ৰশ্ন।
- ৬ জনকৈ আৰক্ষী জোৱান কি পৰিস্থিতিত মৃত্যু হ'ল সেই বিষয়ে প্ৰশ্ন উত্থাপন কৰিছিল বিধায়কগৰাকীয়ে।
- কমলাক্ষ দে' পুৰকায়স্থৰ এই প্ৰশ্নত কংগ্ৰেছৰ দিনত সীমান্তত ৩৪ জন আৰক্ষী জোৱান নিহত হোৱা বুলি মন্তব্য মন্ত্ৰী পীয়ুষ হাজৰিকাৰ।
- ইয়াৰ পাছতে কংগ্ৰেছৰ লগতে অন্যান্য বিৰোধী বিধায়কেও একগোট হৈ উভতি ধৰে মন্ত্ৰীগৰাকীক।
- শাসকীয় বিধায়ক সকলেও একগোট হৈ সদনত থিয় হয় আৰু উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়।
- বিৰোধী আৰু শাসক পক্ষৰ বিধায়কসকল অধ্যক্ষৰ আসনৰ সন্মুখলৈ উঠি যায়।
- বিৰোধী বিধায়কে হাতে হাতে প্লে'কাৰ্ড লৈ অধ্যক্ষৰ সন্মুখলৈ গৈ প্ৰতিবাদ সাব্যস্ত কৰিলে।
- শাসকীয় বিধায়কে মন্ত্ৰী পীয়ুষ হাজৰিকাৰ সমৰ্থনত আসনৰ পৰা উঠি যায়।