অসম

‘গো-সুৰক্ষা বিধেয়’ক উত্থাপন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ..

asomiyapratidin

ডিজিটেল ডেস্কঃ সোমবাৰৰ পৰা অনুষ্ঠিত হৈছে অসম বিধানসভাৰ বাজেট অধিৱেশন।বাজেট অধিৱেশনৰ এই প্ৰথম দিনটোতে বিধানসভাত উত্থাপন হ'ল চাৰিখনকৈ নতুন বিধেয়ক। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই উত্থাপন কৰে 'গো-সুৰক্ষা বিধেয়ক-২০২১' আৰু 'দ্যা বেংগল, আগ্ৰা এণ্ড আছাম চিভিল কোৰ্টছ বিল-২০২১'।

আনহাতে ৰাজ্যৰ প্ৰথমগাৰী মহিলা বিত্তমন্ত্ৰী হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰাৰ পাছত অজন্তা নেওগে আজি উত্থাপন কৰিলে দ্যা আছাম গুডচ এণ্ড চাৰ্ভিচ টেক্স (সংশোধিত) বিল। ইয়াৰ উপৰিও মন্ত্ৰীগৰাকীয়ে উত্থাপন কৰিছে দ্যা আছাম মিনিচিপাল (সংশোধিত) বিল।

উল্লেখ্য যে চলিত বিধানসভাৰ বাজেট অধিবেশনত মুঠ ১৩ খন বিধেয়ক উত্থাপন কৰা হ'ব।