অসম

গহপুৰৰ অসম-অৰুণাচল সীমান্তত হেৰাল এখন আৰক্ষী চকী!

asomiyapratidin

ডিজিটেল সংবাদ, গহপুৰঃ গহপুৰ ৰাজগড়ৰ অসম-অৰুণাচল সীমান্তত এতিয়া নাই অসম আৰক্ষীৰ কোনো তালাচী চকী বা থানা। ১৯৮৮চনতে ৰাজগড়ৰ এই সীমান্তৱৰ্তী অঞ্চলত স্থাপন কৰা হৈছিল এখন আৰক্ষী চকী। এতিয়া সেইখন আৰক্ষী চকী নে কি ধৰিবই নোৱাৰি। চাওক এই দৃশ্য। তলৰ আলোকচিত্ৰত দেখা হাবি-বননীৰে ভৰি থকা এই ঘৰটো আছিল এখন আৰক্ষী চকী।

এতিয়া ভূতবাংলাত পৰিণত হোৱা এই ঘৰটোৰ চৌপাশে গজিছে কচু আৰু হাবি-বননী। দীৰ্ঘদিন ধৰি এই আৰক্ষী চকীখনত নাই কোনো আৰক্ষী বিষয়া। ভূত বাংলাত পৰিণত এই ঘৰটোত পুৱা-গধূলি চলে সুৰাৰ আড্ডা। ঘৰটোৰ ভিতৰত থকা এই পানী আৰু সুৰাৰ বটলসমূহে প্ৰমাণ কৰে, এতিয়া দৈনিক তাত কি চলে?

আৰক্ষী চকীৰ ভিতৰ ভাগত আছিল লকআপ তথা অন্যান্য সা-সুবিধা। এতিয়া সেইবোৰ ভাঙি-ছিঙি নষ্ট হৈছে। আৰক্ষী চকীৰ ভিতৰ ভাগত দেৱাল ভগাৰ লগতে অব্যৱহৃত লকআপ পৰি আছে এনেদৰে।

এক কথাত সম্পূৰ্ণৰূপে উৱলি গৈছে এই ঘৰটো। অৰুণাচল আৰক্ষীয়ে সিটো পাৰত চেকপোষ্ট বহাই নিয়মীত তালাচী চলাই যদিও, এইপাৰে অসম আৰক্ষীৰহে নাই কোনো তৎপৰতা। হোলেঙী নামৰ স্থানৰ পৰা এই পথেৰে ইটানগৰলৈ মাত্ৰ ১৯ কিঃমিঃ।

ইতিমধ্যে, চাৰিলেনযুক্ত কৰা হৈছে এই পথটো। অৰুণাচলে বহু সন্দেহযুক্ত নাগৰিকক ধৰি আনি শেহতীয়াকৈ এৰি দিছে এই হোলেঙী নামৰ স্থানত। কিন্তু সেই সন্দেহজনক নাগৰিকসকলক সোধ-পোছ কৰিবলৈ সেই স্থানত নাই অসম আৰক্ষীৰ কোনো তালাচী চকী। সেয়েহে অৰুণাচলৰ পৰা খেদি পঠিওৱা লোকসকলৰ বাবে এতিয়া এই হোলেঙী অঞ্চলটো হৈ পৰিছ চৰণীয়া পথাৰ।