অসম

অসম-অৰুণাচলৰ সীমান্তত নিশা আৰক্ষী আৰু ডকাইতৰ গুলীয়াগুলী

Asomiya Pratidin

ডিজিটেল সংবাদ ,ধেমাজিঃ বিগত কিছুদিন ধৰি ধেমাজি আৰু জোনাইত চোৰ-ডকাইতে ত্ৰাসৰ সৃষ্টি কৰি আহিছে। ইয়াৰ মাজতে চোৰ-ডকাইতৰ বিৰুদ্ধে গৰজি উঠিল আৰক্ষী।

ধেমাজি জিলাৰ আৰক্ষী অধীক্ষকৰ কঠোৰ নিৰ্দেশৰ পাছতেই সমগ্ৰ জিলাখনতেই আৰক্ষীয়ে দিনে- ৰাতিয়ে অভিযান তীব্ৰতৰ কৰি ৰাখিছিল ৷ বুধবাৰ-বৃহস্পতিবাৰে নিশা প্ৰায় ২.৩০ মান বজাত চিলাপথাৰত এখন নম্বৰ বিহীন এল্ট গাড়ী গৈ থকা দেখা পায় চিলাপথাৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া মুহিধৰ টায়েৰ নেত্বত যোৱা আৰক্ষী দলটিয়ে । তাৰ পাছতে পিছে পিছে খেদি অসম অৰুণাচলৰ সীমান্তবৰ্তী চিলাপথাৰ আৰক্ষী থানাৰ অন্তৰ্গত মিলনপুৰত তিনিজনীয়া ডকাইতৰ দলটিৰ সৈতে প্ৰচণ্ড গুলীয়াগুলী হয় আৰক্ষীৰ ৷

গুলীয়াগুলী ফলত মাৰুতী গাড়ীত যোৱা তিনিজনীয়া ডকাইতৰ দলটোৰ এজন আৰক্ষীৰ গুলীত আহত হোৱা লগে লগেই বাকী দুজনে আন্ধাৰৰ সুযোগ লৈ তৎক্ষণাতেই সেই স্থানৰ পৰা পলায়ন কৰে ৷ আৰক্ষীয় ভৰিত গুলীবিদ্ধ অৱস্থাত গ্ৰেপ্তাৰ কৰা লখিন্দ্ৰ বাছপৰ(২৮) নামৰ ডকাইত জনৰ সৈতে আৰক্ষীয়ে ২ খন দা, ৰড, জিনচ্ পেন্ট ১৫ টা, ১৩ হেজাৰ টকা, ট্ৰেকপেন্ট ৬ টা আৰু এখন বগা ৰঙৰ এল্ট গাড়ী জব্দ কৰে।

ঘটনাৰ খৱৰ পোৱা লগে লগেই নিশাইয়ে আৰক্ষী অধীক্ষক ৰঞ্জন ভূঞাই চিলাপথাৰত উপস্থিত হৈ ঘটনাৰ নিৰীক্ষন কৰে ৷ উল্লেখ্য যে ধেমাজি নগৰৰ ৰামনগৰৰ পৰা এখন এল্ট গাড়ী সৈতে নগদ ধন আৰু সোনৰ অলংকাৰ চুৰি কৰি নিয়া ডকাইতৰ দলটি বুলি চিনাক্ত হোৱাৰ লগতে উদ্ধাৰ হোৱা এল্ট গাড়ী খনো চিনাক্ত হয় ৷