অসম

গুৱাহাটীত ‘আয়ুস’ক লৈ কেন্দ্ৰীয় স্বাস্থ্য দপ্তৰৰ বিশেষ বৈঠক, উত্তৰ-পূবৰ সকলো মুখ্যমন্ত্ৰীৰ উপস্থিতিত বনৌষধী সম্পৰ্কীয় গ্ৰন্থ উন্মোচন…

asomiyapratidin

ডিজিটেল ডেস্কঃ দুধনৈত হ'ব আয়ুৰ্বেদিক মহাবিদ্যালয়। স্থাপন কৰা হ'ব এহাজাৰ আয়ুস কেন্দ্ৰ। কেন্দ্ৰীয় আয়ুষ মন্ত্ৰণালয়ে উত্তৰ-পূৰ্বাঞ্চলক লৈ হাতত লৈছে কেতবোৰ বিশেষ আঁচনি। শনিবাৰে দিনৰ প্ৰায় ১১ বজাত গুৱাহাটীৰ খানাপাৰা প্ৰশাসনিক কৰ্মচাৰী মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হয় আয়ুস মন্ত্ৰালয় আৰু উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ মুখ্যমন্ত্ৰীৰ লগতে স্বাস্থ্যমন্ত্ৰীসকলৰ এখন বিশেষ সভা। এই অনুষ্ঠানটিত মুখ্য অতিথি ৰূপে উপস্থিত থাকি বন্তি জ্বলাই সভাখন আৰম্ভ কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু কেন্দ্ৰীয় আয়ুস বিভাগৰ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে।

এই সভাখন অন্ত পৰাৰ পাছতে এক সংবাদমেল সম্বোধন কৰে প্ৰাক্তন মুখ্যমন্ত্ৰী তথা বৰ্তমানৰ কেন্দ্ৰীয় আয়ুস বিভাগৰ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে। তেওঁ সংবাদমেলত কয়- উত্তৰ-পূবৰ ঔষধি বনৰ পৰা ঔষধ উৎপাদনত সফল হৈছে আয়ুষ মন্ত্ৰালয়। সেয়েহে উত্তৰ-পূৰ্বাঞ্চলত এহাজাৰ আয়ুষ কেন্দ্ৰৰ স্থাপন কৰা হ'ব। তদুপৰি নেশ্যনেল আয়ুস মিছনৰ যোগেদি ১০০টা ঔষধালয় গঢ়ি তোলাৰ সংকল্প লোৱা হৈছে।

কেৱল সেয়াই নহয়, উত্তৰ-পূৰ্বাঞ্চলৰ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে গোৱালপাৰা জিলাৰ দুধনৈত স্থাপন কৰা হ'ব এখন আয়ুৰ্বেদিক মহাবিদ্যালয়। আৰু এই মহাবিদ্যালয়খনৰ বাবে ৭০ কোটি টকাৰ অৱদান আগবঢ়াব কেন্দ্ৰীয় চৰকাৰে। উল্লেখ্য যে, ১৯৪৮ চনত গুৱাহাটীত প্ৰতিষ্ঠা কৰা হৈছিল আয়ুৰ্বেদিক মহাবিদ্যালয়। কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে এইখন মহাবিদ্যালয়ক উৎকৰ্ষৰ কেন্দ্ৰ হিচাপে গঢ় দিয়াৰ বাবে আয়ুষ মন্ত্ৰালয়ে সিদ্ধান্ত গ্ৰহণ কৰাৰ কথাও ঘোষণা কৰে।

এই বিশেষ অনুষ্ঠানটিতেই উন্মোচন কৰা হয় এখন অতি মূল্যবান গ্ৰন্থ। বন বিভাগৰ উচ্চপদস্থ বিষয়া যতীন্দ্ৰ শৰ্মাই অতি কষ্টৰে প্ৰস্তুত কৰা 'Medicinal Plants and Mushrooms of India' নামৰ এই গ্ৰন্থখন। উল্লেখযোগ্য যে, এই গ্ৰন্থখন ৰাজ্যত উপলব্ধ বহু ঔষধি গছ-বনৰ লগতে ঔষধি গুণ সম্পন্ন কাঠফুলক লৈ তথ্য আৰু গৱেষণালব্ধ গ্ৰন্থ। এই গ্ৰন্থখনক লৈ অনুষ্ঠানটিত উপস্থিত সকলোৱে প্ৰশংসা কৰাৰ লগতে এনেদৰে উত্তৰ-পূৰ্বাঞ্চলৰ ঔষধি গুণ সম্পন্ন গছ-বনৰ বিষয়ে গ্ৰন্থখনত প্ৰকাশ কৰাৰ বাবে ধন্যবাদ জ্ঞাপন কৰে।