অসম

‘৬নং দফা ৰূপায়ণ কৰক’- শ্ল’গান এৰক, কি কৰিব লাগে কওক

asomiyapratidin

মৃদুল কুমাৰ সন্দিকৈ

অসমত খিলঞ্জীয়া লোকৰ স্বাৰ্থ আৰু অধিকাৰ সুৰক্ষিত কৰাৰ বাবে ১৯৮৫ চনৰ ১৫ আগষ্টত নতুন দিল্লীত স্বাক্ষৰিত হোৱা অসম চুক্তিত উল্লেখ আছিল অসমীয়া মানুহৰ সামাজিক, সাংস্কৃতিক আৰু ভাষিক পৰিচয় আৰু ঐতিহ্য ৰক্ষাৰ প্ৰসংগ। ইয়াৰ বাবে সংৰক্ষণ আৰু বিকাশৰ অৰ্থে সাংবিধানিক, আইনগত, প্ৰশাসনীয় ৰক্ষাকৱচ দিয়া হ'ব বুলি অসম চুক্তিৰ ৬নং দফাত উল্লেখ আছিল।

সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি প্ৰফুল্ল কুমাৰ মহন্ত, সাধাৰণ সম্পাদক ভৃগু কুমাৰ ফুকন, সাধাৰণ সম্পাদক বিৰাজ শৰ্মাই এই চুক্তিত অসম আন্দোলনৰ নেতৃত্ববহনকাৰী সংগঠনৰ প্ৰতিনিধিৰূপে এই চুক্তিত স্বাক্ষৰ কৰাৰ বিপৰীতে ভাৰত চৰকাৰৰ হৈ গৃহ সচিব আৰ ডি প্ৰধানে আৰু অসম চৰকাৰৰ হৈ ৰাজ্যৰ তেতিয়াৰ মুখ্য সচিব পি পি ত্ৰিবেদীয়ে এই চুক্তিত স্বাক্ষৰ কৰিছিল।

অসম চুক্তিৰ ৫ আৰু ৬নং দফাত কি আছে?

চুক্তি স্বাক্ষৰ কৰাৰ সময়ত উপস্থিত আছিল ভাৰতৰ তেতিয়াৰ প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধী। অসম চুক্তিৰ ৫নং দফাত উল্লেখ থকা বিষয় সমূহ আছিল-

৫.১ – বিদেশী নাগৰিকসকলৰ চিনাক্তকৰণ তথা বহিস্কাৰৰ বাবে ১৯৬৬ চনৰ পহিলা জানুৱাৰীৰ দিনটোক ভিত্তি বৰ্ষ হিচাপে গ্ৰহণ কৰা হয়।
৫.২ – ১৯৬৬ চনৰ পহিলা জানুৱাৰী তথা তাৰ পূৰ্বে অসমলৈ অহা আৰু ১৯৬৭ চনৰ নিৰ্বাচনত নাম অন্তৰ্ভুক্ত হোৱাসকলক নিয়মীয়াকৰণৰ সিদ্ধান্ত।
৫.৩ – ১৯৬৬ চনৰ পহিলা জানুৱাৰীৰ পিছৰ পৰা ১৯৭১ চনৰ ২৪ মাৰ্চৰ ভিতৰত অসমত প্ৰবেশ কৰা লোকসকলক ১৯৪৬ চনৰ বিদেশী নাগৰিক আইন আৰু ১৯৬৪ চনৰ বিদেশী নাগৰিক সম্বন্ধীয় ন্যায়িক আদেশৰ জৰিয়তে চিনাক্ত কৰি বহিস্কাৰ কৰা।
৫.৪ – বিদেশী নাগৰিকসকলক চিনাক্ত কৰি নিৰ্বাচন ব্যৱস্থাৰ পৰা সম্পূৰ্ণৰূপে বহিস্কাৰ কৰা। তেনে নাগৰিকসকলক বিভিন্ন জিলাৰ পঞ্জীয়কৰ কাৰ্যালয়ত ১৯৩৯ চনৰ বিদেশী নাগৰিক পঞ্জীয়ন আইনৰ জৰিয়তে পঞ্জীয়ন কৰোৱাৰ ব্যৱস্থা কৰা।
৫.৫ – এনেবোৰ ক্ষেত্ৰত ভাৰত চৰকাৰে বিধিসন্মত ব্যৱস্থা গ্ৰহণ কৰিব।
৫.৬ – দহ বছৰৰ এটি সময়সীমা ধাৰ্য কৰি, যিসকলৰ নাম ইতিমধ্যে নাগৰিকৰ তালিকাৰ পৰা কৰ্তন কৰা হৈছে তেওঁলোকক পুনৰ প্ৰতিষ্ঠা কৰা।
৫.৭ – অসমৰ পৰা ইতিপূৰ্বে বিতাৰিত কিন্তু বৰ্তমান অনাধিকাৰ প্ৰৱেশ কৰাসকলক চিনাক্ত কৰি পুনৰ বিতাৰণৰ ব্যৱস্থা কৰা।
৫.৮ – ১৯৭১ চনৰ মাৰ্চৰ ২৫ তাৰিখ তথা তাৰ পাছত অসমলৈ অহা বিদেশী নাগৰিকসকলক চিনাক্ত কৰি তৎকালীনভাৱে কাৰ্যকৰী হোৱাকৈ তেওঁলোককো খেদি পঠোৱা।
৫.৯ – আইন বহিৰ্ভুত প্ৰব্ৰজন আইন,১৯৮৩ৰ ৰূপায়নৰ ক্ষেত্ৰত আছু আৰু এ.এ.জি.এছ.পি.য়ে ব্যক্ত কৰা কিছুমান অসুবিধাৰ ওপৰতো চৰকাৰে দৃষ্টি আৰোপ কৰে।

এই ক্ষেত্ৰত বিদেশী বহিস্কাৰ নীতিক বাস্তৱ ৰূপ দিবলৈ ২০১৬ চনৰ ৩১ মাৰ্চলৈ ৭৫,৪৭৯ জন লোক বিদেশী বুলি চিনাক্ত কৰা হৈছিল। সেইসকলৰ ভিতৰত মাত্ৰ ১৪,১৯৮ জনক বিদেশী নাগৰিক হিচাপে পঞ্জীয়ন কৰা হৈছিল। ১৯৮৬ চনৰ পৰা ২০১৪ চনৰ ডিচেম্বৰলৈকে মুঠ ১৪৩২ জন অবৈধ অনুপ্ৰৱেশকাৰীক চিনাক্ত কৰে চৰকাৰে।

অবৈধ অনুপ্ৰৱেশকাৰীৰ চিনাক্তকৰণ আৰু নিৰ্বাসনৰ বাবে থকা আইএমডিটি আইন উচ্চতম ন্যায়ালয়ে খাৰিজ কৰে ২০০৫ চনৰ ১২ জুলাইত। এই চুক্তিৰ ৬নং দফাত উল্লেখ আছে- সাংবাধানিক আইনগত আৰু প্রশাসনিক নিৰাপত্তাৰ কথা। দফাত লিখা কথাখিনি আছিল- 'সাংবিধানিক, আইনগত আৰু প্ৰশাসনিক নিৰাপত্তা প্ৰদানৰ ব্যৱস্থা কৰা। অসমীয়া সংস্কৃতি, ভাষা, সামাজিক আৰু ঐতিহাসিক ক্ষেত্ৰসমূহৰ নিৰাপত্তা সুনিশ্চিত কৰা।'

অসম চুক্তিৰ ৬নং দফা অনুসৰিয়েই শংকৰদেৱ কলাক্ষেত্ৰ স্থাপন কৰা হৈছিল। জ্যোতি চিত্ৰবন, ফিল্ম ষ্টুডিঅ' আঁচনি, অসমৰ ২১৯ খন সত্ৰক বিত্তীয় সাহায্য প্ৰদানৰ নামত ২১ কোটি টকা অনুমোদন, ১১টা ঐতিহাসিক কৃতিচিহ্নৰ সংৰক্ষণ আৰু উন্নয়নৰ বাবে ৭ কোটি টকা অনুমোদন, কেন্দ্ৰীয় চৰকাৰৰ পুৰাতাত্বিক জৰীপ বিভাগৰ জৰিয়তে ৫ কৃতিচিহ্নৰ সংৰক্ষণ আৰু উন্নয়নৰ দিহা কৰা হৈছিল বুলি চৰকাৰী পক্ষই কব খোজে।

কিন্তু প্ৰকৃতাৰ্থত অসম চুক্তিৰ ৬নং দফাৰ কাৰ্যকৰী আজিও সম্ভৱ নহ'ল। ঐতিহাসিক অসম চুক্তিৰ এই গুৰুত্বপূৰ্ণ দফাটো কাৰ্যকৰী কৰাৰ ক্ষেত্ৰত সংশোধনক লৈও আলোচনা হৈছিল অসম বিধানসভাত। ২০১৭ চনৰ ৪ মাৰ্চত অসম বিধানসভাত ৬নং দফাৰ সংশোধনৰ পৰিৱৰ্তে চুক্তিখন সম্পূৰ্ণ কাৰ্যকৰী কৰাৰ বাবে আৰু অসমীয়াৰ সাংবিধানিক ৰক্ষাকৱচৰূপে ইয়াৰ কাৰ্যকৰী কৰাৰ ক্ষেত্ৰত গুৰুত্ব দিয়া হৈছিল।

অসম বিধানসভাত ৬নং দফাৰ সংশোধনৰ সন্দৰ্ভত হোৱা বিতৰ্কত বিভিন্ন পক্ষই যুক্তি দৰ্শাইছিল। কংগ্ৰেছৰ তেতিয়াৰ বিধায়ক আব্দুল খালেকে চুক্তিখনৰ কোনো দফা সংশোধন নকৰিবৰ বাবে প্ৰস্তাৱ উত্থাপন কৰাৰ বিপৰীতে বিজেপিৰ বিধায়ক পদ্ম হাজৰিকাই অসম চুক্তি কাৰ্যকৰী নকৰাৰ বাবে কংগ্রেছক জগৰীয়া কৰিছিল।

বিধানসভাত এই প্ৰস্তাৱৰ সন্দৰ্ভত মত আগবঢ়াই পদ্ম হাজৰিকাই কৈছিল- কংগ্ৰেছে সুযোগ পায়ো একো নকৰিলে। সংবিধানিক ৰক্ষাকৱচ হিচাপে ৬নং দফা ৰূপায়ন হ'ব লাগে। জাতিটোৰ বাবে যাতে ভাবুকি নাহে, তাৰ বাবে সাংবিধানিক ৰক্ষাকৱচ লাগিব তেওঁ মত ব্যক্ত কৰিছিল।

অগপৰ জ্যেষ্ঠ বিধায়ক বৃন্দাৱন গোস্বামীয়ে কংগ্ৰেছৰ সংকল্প প্ৰস্তাৱ সন্দৰ্ভত মত ব্যক্ত কৰি কৈছিল- অসম বিধানসভাত অসম চুক্তি কাৰ্যকৰী হ'বলাগে বুলি প্ৰস্তাৱ লোৱা আছে। গতিকে এনে প্ৰস্তাৱৰ প্ৰয়োজন নাই। তেওঁৰ মতে অসম চুক্তি কাৰ্যকৰী হ'বহে লাগে।

সাংবিধানিক ৰক্ষাকৱচ নাথাকিলে আমাৰ ভাষাটোৱেই নোহোৱা হৈ যাব বুলি আশংকা ব্যক্ত কৰিছিল বৃন্দাৱন গোস্বামীয়ে। খিলঞ্জীয়াৰ সংজ্ঞা সন্দৰ্ভত ৰাষ্ট্ৰ সংঘই নিৰ্ধাৰণ কৰি থোৱা সংজ্ঞাকে মানি ল'বলৈ তেওঁ আহ্বান জনাইছিল।

অসম চুক্তিৰ ৬নং দফা কাৰ্যকৰীৰ ক্ষেত্ৰত দেখা দিয়া আন এক সমস্যা আছিল অসমীয়াৰ সংজ্ঞা। এই দফাত অসমীয়া মানুহৰ সাংস্কৃতিক, সামাজিক আৰু ভাষিক পৰিচয় আৰু ঐতিহ্য ৰক্ষা তথা সংৰক্ষণ আৰু বিকাশৰ বাবে সাংবিধানিক, আইনগত আৰু প্ৰশাসনিক ব্যৱস্থাৰ কথা কোৱা হৈছিল। কিন্তু প্ৰশ্ন হৈছিল- অসমীয়া কোন?

অসমীয়া কোন?

যোৱা কিছুদিন ধৰি অসমীয়া কোন তাক লৈ চৰ্চা আৰু বিতৰ্ক চলিছে। অসমীয়া কোন ইয়াৰ সামগ্ৰিক পৰ্যালোচনাৰ সলনি অসমীয়াৰ সংজ্ঞাক লৈ এক মতানৈক্যৰ পৰিৱেশ সৃষ্টি হোৱাৰ বাবে অসম চুক্তিৰ ৬নং দফা কাৰ্যকৰীৰ ক্ষেত্ৰতো প্ৰশ্ন উত্থাপন হৈছে।

অসম চুক্তিৰ ৬নং দফাত উল্লেখ থকা কথাখিনি আছিল- 'Constitutional, legislative and administrative safeguards, as may be appropriate shall be provided to protect, preserve and promote the culture, social, linguistic identity and heritage of the Assamese people.'

অসম চুক্তি স্বাক্ষৰ কৰাৰ সময়ত কোনেও ভৱা নাছিল যে এদিন অসমতে অসমীয়াৰ সংজ্ঞাক লৈ বিতৰ্কৰ সৃষ্টি হ'ব। অসমত বাস কৰা খিলঞ্জীয়া লোকসকলকে অসমীয়া বুলি সেই সময়ত আছু, অসম চৰকাৰ, ভাৰত চৰকাৰে গণ্য কৰিছিল।

অসম আন্দোলনৰ পাছত নব্বৈৰ দশকত জনজাতীয় লোকসকলৰ মাজতো স্ব-অধিকাৰক লৈ জংগী আন্দোলনৰ সূত্ৰপাত হ'ল। অসমৰ খিলঞ্জীয়া বুলি বহু জনগোষ্ঠীয়ে মানি ল'লেও তেওঁলোকে নিজকে অসমীয়া বুলি মানি ল'ব নোখোজে। বড়ো সকলে সেই কথা স্পষ্টকৈ ক'লে। প্ৰশ্ন আহিল- পূব বংগীয় লোকসকল খিলঞ্জীয়া হ'ব নে নহয়?

যি সকল লোকৰ আগমণৰ বিৰুদ্ধে অসম আন্দোলন গঢ় লৈ উঠিছিল, সেই লোকসকলে খিলঞ্জীয়াৰ মৰ্যাদা পাব নেকি? অসমৰ জাতীয়তাবাদী শিৱিৰে এই দিশটোক সঠিক ৰূপত আগুৱাই নিব নোৱাৰিলে। এফালে কোৱা হ'ল তেওঁলোক অসমীয়া, আনফালে অসমীয়া সকলৰ সাংবিধানিক ৰক্ষাকৱচত তেওঁলোক অন্তৰ্ভূক্ত হ'ব নে নাই তাক লৈ এক ধূসৰ পৰিৱেশৰ সৃষ্টি হ'ল।

২০০৫ চনত আছু, অসম চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰৰ মাজত অসম চুক্তি ৰূপায়ণৰ বাবে এখন ত্ৰিপাক্ষিক বৈঠক অনুষ্ঠিত হৈছিল। এই বৈঠকত অসমীয়াৰ বাবে সাংবিধানিক ৰক্ষাকৱচৰ কথা মানি ল'লেও ইয়াৰ স্বৰূপ কি হ'ব, সেই সিদ্ধান্ত নহ'ল।

এই ত্ৰিপাক্ষিক বৈঠকৰ পাছতেই অসমীয়াৰ সংজ্ঞাক লৈ আলোচনা তীব্ৰতৰ হ'ল। সেই সময়তে এচাম বুদ্ধিজীৱীয়ে অসমীয়াৰ সংজ্ঞাক লৈ নিজস্ব মত আগবঢ়াইছিল। অসম সাহিত্যসভাৰ তেতিয়াৰ সভাপতি ধ্ৰুৱজ্যোতি বৰাই কোনো ভিত্তিবৰ্ষক আধাৰৰূপে লোৱাতকৈ ঔপনিৱেশিক শাসনৰ পূৰ্বে অসমত বাস কৰা সকলক খিলঞ্জীয়া বুলি আখ্যা দিয়াৰ পক্ষত থিয় দিছিল।

অসমীয়াৰ সংজ্ঞা নিৰূপণৰ বাবে ৰাজনৈতিক, অৰ্থনৈতিক আৰু সামাজিক প্ৰেক্ষাপটক অতি সুক্ষ্মভাৱে বিচাৰ কৰাৰ প্ৰয়োজন আছিল। এই সংজ্ঞা অসমীয়া ভাষাৰ পৰা নে অসমত বাসকৰা লোকসকলৰ পৰা নিৰূপণ কৰা হ'ব সেয়াও এক ডাঙৰ সমস্যাৰূপে থিয় দিছিল।

অসমীয়াৰ সংজ্ঞাক লৈ তেতিয়াৰ বিধানসভাৰ অধ্যক্ষ প্ৰণৱ গগৈয়েও উদ্যোগ গ্ৰহণ কৰিছিল। ৫০টাতকৈও অধিক দল-সংগঠনৰ সৈতে আলোচনাত বহি তেওঁ অসমীয়াৰ সংজ্ঞা নিৰূপণৰ চেষ্টা কৰিছিল। ২০১৫ চনত এই উদ্যোগ লৈছিল তেতিয়াৰ অসম বিধানসভাৰ অধ্যক্ষ প্ৰণৱ গগৈয়ে।

অসমীয়াৰ সংজ্ঞা নিৰূপণৰ প্ৰচেষ্টাক মানি লোৱা নাছিল বড়ো সাহিত্য সভাই। অসম সাহিত্য সভাই অসমীয়া কোন নিৰূপণৰ যি প্ৰচেষ্টা হাতত লৈছিল, সেয়া মানি নলওঁ বুলি বিধানসভাৰ অধ্যক্ষ প্ৰণৱ গগৈক অৱগত কৰিছিল। ২০১৫ চনৰ ১১ মাৰ্চত এই কথা বিধানসভাৰ অধ্যক্ষগৰাকীক তেওঁলোকে জনাইছিল।

অসমীয়া কোন এই সংজ্ঞাক লৈ যি চৰ্চা হৈছিল, সেই চৰ্চাই এক উদাৰ আৰু বহল অৰ্থৰ অসমীয়াত্বক সন্ধান কৰাৰ সলনি একাংশ খিলঞ্জীয়া জাতি-জনগোষ্ঠীৰ আপত্তি সুযোগ গ্ৰহণ কৰিছিল কিছু পক্ষই। যাৰ ফলশ্ৰুতিত অসমীয়াৰ সংজ্ঞাক লৈ কোনো এক সিদ্ধান্তত উপনীত হ'ব পৰা নগ'ল।

আকৌ ৬নং দফাৰ প্ৰসংগঃ

এন আৰ চি, নাগৰিকত্ব সংশোধনী বিধেয়ক আদি প্ৰসংগত ৰাজ্যত এক সৰৱ পৰিৱেশ বিৰাজ কৰাৰ সময়তে ২০১৯ চনৰ লোকসভা নিৰ্বাচনৰ পূৰ্বে নৰেন্দ্ৰ মোডী চৰকাৰে পুনৰ অসম চুক্তিৰ ৬নং দফাৰ প্ৰসংগ উত্থাপন কৰিলে।

অসমৰ খিলঞ্জীয়া লোকসকলৰ স্বাৰ্থ আৰু অধিকাৰ সুৰক্ষিত কৰাৰ স্বাৰ্থত সাংবিধানিক ৰক্ষাকৱচ ৰূপে অসম চুক্তিৰ এই দফা কাৰ্যকৰী কৰিবলৈ চৰকাৰে ব্যৱস্থা গ্ৰহণৰ কথা দোহাৰিছিল। নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে ৰাজ্যৰ দল-সংগঠনে প্ৰতিবাদ সাব্যস্ত কৰাৰ সময়ত চৰকাৰে ৬নং দফা কাৰ্যকৰী কৰাৰ বাবে মতামত গ্ৰহণাৰ্থে এক উচ্চস্তৰীয় সমিতি গঠনৰ কথাও ঘোষণা কৰিছিল।

সেই অনুসৰি ২০১৯ৰ ৬ জানুৱাৰীত ৯ জন বিশেষ ব্যক্তিৰে গঠন কৰা হৈছিল অসম চুক্তিৰ ৬নং দফা কাৰ্যকৰী কৰাৰ বাবে এক উচ্চপদস্থ কমিটী। সেই কমিটীত বিশিষ্ট সাহিত্যিক নগেন শইকীয়া, অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ৰংবং তেৰাং, জ্যেষ্ঠ সাংবাদিক ধীৰেন্দ্ৰ নাথ বেজবৰুৱা, অৱসৰপ্ৰাপ্ত আইএএছ বিষয়া সুভাষ দাস, মদন প্ৰসাদ বেজবৰুৱা, ড০ মুকুন্দ ৰাজবংশী আৰু ৰমেশ বৰপাত্ৰ গোঁহাইৰ নাম অন্তৰ্ভূক্ত কৰা হৈছিল।

সমিতিখনত এইসকল সদস্যৰ উপৰিও আছুৰ প্ৰতিনিধি, গৃহ মন্ত্ৰণালয়ৰ এজন প্ৰতিনিধি থাকিব বুলি উল্লেখ কৰা হৈছিল। ৬ মাহৰ ভিতৰত অসম চুক্তি কাৰ্যকৰীকৰণৰ বাবে কেন্দ্ৰীয় চৰকাৰক এই কমিটীয়ে পৰামৰ্শ প্ৰদান কৰাৰ কথা আছিল। কিন্তু এই কমিটী গঠনৰ পাছতেই ইয়াৰ বিৰুদ্ধে ৰাজ্যত সৃষ্টি হোৱা জনমতৰ ফলশ্ৰুতিত অসম চুক্তিৰ ৬নং দফাৰ এই উচ্চস্তৰীয় সমিতিৰ অধ্যক্ষৰূপে থকা মদন প্ৰসাদ বেজবৰুৱাই ১২ জানুৱাৰী, ২০১৯ত পদত্যাগ কৰে।

ড০ নগেন শইকীয়াইও এই কমিটীত নথকাৰ কথা ঘোষণা কৰিছিল। ৰংবং তেৰাং, মুকুন্দ ৰাজবংশী আদিয়েও কমিটীত নথকাৰ সিদ্ধান্ত ঘোষণা কৰাৰ পাছত এই কমিটীখনৰ অস্তিত্ব একপ্ৰকাৰ নোহোৱা হৈ পৰিল। কমিটীখনত কেন্দ্ৰীয় চৰকাৰৰ প্ৰতিনিধিৰূপে আছিল উত্তৰ-পূবত দায়িত্বত থকা কেন্দ্ৰীয় গৃহ দপ্তৰৰ যুটীয়া সচিব জীতেন্দ্ৰ গাৰ্গ।

কমিটীখন গঠনৰ পাছতেই সদৌ অসম ছাত্ৰ সন্থাই এই কমিটী নাকচ কৰিছিল। বিভিন্ন দল-সংগঠনে এই কমিটীক অভিসন্ধিমূলক আখ্যা দি সমালোচনা কৰিছিল। এই কমিটীৰ পৰা গৰিষ্ঠ সংখ্যক সদস্যই আতৰি অহাত অসম চুক্তিৰ ৬নং দফাৰ কাৰ্যকৰী কৰাৰ অৰ্থে গঠন কৰা কমিটীখনৰ কোনো অস্তিত্ব নৰ'ল।

দ্বিতীয়বাৰৰ বাবে অসম চুক্তিৰ ৬নং দফাক লৈ কমিটী গঠনঃ

দ্বিতীয়বাৰৰ বাবে কেন্দ্ৰত পুনৰ নৰেন্দ্ৰ মোডী চৰকাৰ শাসনলৈ অহাৰ পাছত ২০১৯ চনৰ ১৫ জুলাইত অসম চুক্তিৰ ৬নং দফা সন্দৰ্ভত পৰামৰ্শদানৰ অৰ্থে আন এখন উচ্চপদস্থ কমিটী কেন্দ্ৰীয় চৰকাৰে গঠন কৰে। গৃহ মন্ত্ৰণালয়ৰ ১১০১২/০৪/২০১৯ এনই iv নম্বৰৰ এক অধিসূচনাৰ জৰিয়তে এই নতুন কমিটী গঠনৰ কথা ঘোষণা কৰে।

১৫ জুলাইত জাৰি কৰা এই অধিসূচনা এই কমিটীত অন্তৰ্ভূক্ত কৰা সদস্যসকল আছিল ক্ৰমে- গুৱাহাটী উচ্চ ন্যায়ালৰ প্ৰাক্তন ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মা, এডভোকেট জেনেৰেল ৰমেশ বৰপাত্ৰ গোঁহাই, অৰুণাচল প্ৰদেশৰ এডভোকেট জেনেৰেল নিৰ্লয় দত্ত, আইএএছ বিষয়া সুভাষ দাস, আই পি এছ বিষয়া পল্লৱ ভট্টাচাৰ্য, অধ্যাপক সৃষ্টিধৰ দত্ত, লেখক সুমন্তা চলিহা, অধ্যাপক জয়কান্ত শৰ্মা, সাংবাদিক ৱাচবিৰ হুছেইন, আছুৰ মুখ্য উপদেষ্টা সমুজ্জ্বল ভট্টাচাৰ্য্য, আছুৰ সভাপতি দিপাংক কুমাৰ নাথ, আছুৰ সাধাৰণ সম্পাদক লুৰিণ জ্যোতি গগৈ আৰু গৃহ মন্ত্ৰণালয়ৰ উত্তৰপূৱৰ দায়িত্বত থকা যুটীয়া সচিবগৰাকী।

২ আগষ্ট, ২০১৯ত অসম চৰকাৰে ১৩ জনীয়া উচ্চস্তৰীয় সমিতিত মীন বিভাগৰ উপ সচিব পদত কাৰ্যনিৰ্বাহ কৰি থকা এচিএছ বিষয়া প্ৰশান্ত কুমাৰ কাঠকটীয়াক এই সমিতিৰ ন'ডেল অফিচাৰ হিচাপে নিযুক্তি দিয়ে। বিভিন্ন জাতি-জনগোষ্ঠীৰ প্ৰতিনিধিক এই সমিতিত অন্তৰ্ভূক্ত নকৰাক লৈ অৱশ্যে প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল সেই সময়ত।

অসম চুক্তিৰ ৬নং দফাৰ কমিটীৰ কাম-কাজ আৰম্ভঃ

১১ ছেপ্টেম্বৰ, ২০১৯লৈকে কেন্দ্ৰীয় চৰকাৰে গঠন কৰা অসম চুক্তিৰ ৬নং দফা সম্পৰ্কীয় কমিটীৰ ৫খনকৈ বৈঠক অনুষ্ঠিত হৈছিল। গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অৱসৰপ্ৰাপ্ত ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মাৰ অধ্যক্ষতাত গঠিত কমিটীখনত ৬ মাহৰ ভিতৰত বিভিন্ন দল-সংগঠনৰ পৰামৰ্শ আৰু মতামত গ্ৰহণেৰে তেওঁলোকৰং প্ৰতিবেদন জমা দিয়াৰ কথা উল্লেখ আছিল অধিসূচনাত।

নতুন দিল্লীত কমিটীৰ সদস্যসকল মিলিত হোৱাৰ পাছত ১৮ আগষ্ট, ২০১৯ত গুৱাহাটীত এই কমিটীৰ পৰৱৰ্তী বৈঠক অনুষ্ঠিত হৈছিল। পৰ্যায়ক্ৰমে এই কমিটীৰ বৈঠক অনুষ্ঠিত হোৱাৰ লগতে ৬নং দফা কাৰ্যকৰী কৰাৰ সন্দৰ্ভত ব্যক্তিৰ মন্তব্য, মতামত বিচৰা হৈছিল।

সেই অনুসৰি ১১ ছেপ্টেম্বৰ, ২০১৯ত কমিটীয়ে মতামত আৰু মন্তব্য তথা পৰামৰ্শ বিচাৰি বাতৰিকাকত যোগে ৰাজহুৱা জাননীও প্ৰকাশ কৰিছিল। সেই জাননীত দফাটোৰ আধাৰত চৰকাৰে গ্ৰহণ কৰিবলগা ব্যৱস্থা সম্পৰ্কে বিভিন্ন দল-সংগঠন, ব্যক্তি তথা সংশ্লিষ্ট পক্ষক মতামত জনাবলৈ অনুৰোধ জনাইছিল।

সমিতিয়ে মতামত আহ্বান কৰা বিষয়সমূহ আছিল-

(ক) অসমৰ খিলঞ্জীয়া জনজাতি, খিলঞ্জীয়া অসমীয়া আৰু অন্যান্য খিলঞ্জীয়া মানুহৰ বাবে সংসদ, অসম বিধানসভা আৰু স্থানীয় নিকায়সমূহত আসন সংৰক্ষণৰ ব্যৱস্থা।

(খ) অসমীয়া আপৰু অসমৰ অন্যান্য খিলঞ্জীয়া ভাষাসমূহলৈ সুৰক্ষা প্ৰদানৰ ব্যৱস্থা।

(গ) অসম চৰকাৰ, অসমত অৱস্থিত কেন্দ্ৰীয় চৰকাৰ, অৰ্ধ-কেন্দ্ৰীয় চৰকাৰ, কেন্দ্ৰীয় ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠান আৰু ব্যক্তিগত খণ্ডৰ অধীনত থকা কাৰ্যালয়সমূহত নিয়োগৰ সংৰক্ষণ।

(ঘ) অসমৰ খিলঞ্জীয়া জনজাতি, খিলঞ্জীয়া অসমীয়া আৰু অন্যান্য খিলঞ্জীয়া মানুহৰ ভূমিৰ অধিকাৰৰ সুৰক্ষাৰ ব্যৱস্থা।

(ঙ) অসমৰ খিলঞ্জীয়া জনজাতি, খিলঞ্জীয়া অসমীয়া আৰু অন্যান্য খিলঞ্জীয়া মানুহৰ সাংস্কৃতিক, সামাজিক, ভাষিক পৰিচয় তথা ঐতিহ্যৰ সুৰক্ষা, সংৰক্ষণ তথা প্ৰসাৰৰ বাবে ল'বলগীয়া অন্যান্য ব্যৱস্থা।

উচ্চ পৰ্যায়ৰ সমিতিখনে ওপৰৰ বিষয় সমূহৰ সন্দৰ্ভত ২০ ছেপ্টেম্বৰ, ২০১৯ৰ ভিতৰত মতামত বিচাৰিছে। সকলো দল সংগঠনকে মতামত বিচাৰি অনুৰোধ জনাইছিল কমিটীয়ে। কোনো পক্ষ বা সংগঠন তথা ব্যক্তিয়ে লিখিত মতামত নতুবা পৰামৰ্শ নিজেই উপস্থিত থাকি অৱগত কৰাৰ সুযোগ দিছিল। ইয়াৰ বাবে কৰ্মদিনৰ পুৱা ১০ বজাৰ পৰা বিয়লি ৩ বজালৈকে সংশ্লিষ্ট লোকসকলে কমিটীৰ সন্মুখত নিজৰ মতামত প্ৰদানৰ সময়সমীয়া নিৰ্ধাৰণ কৰি দিছিল।

অসম চুক্তিৰ ৬নং দফা সম্পৰ্কীয় উচ্চ পৰ্যায়ৰ এই সমিতিখনে অসম চুক্তিৰ ৰূপায়ণ বিভাগ, ফাৰ্ম গেট, খানাপাৰাত থকা কাৰ্যালয়ত এই বিষয়ে জনাব পাৰিব বুলি ৰাজহুলা জাননীত উল্লেখ কৰাৰ লগতে দুটাকৈ ই-মেইল ঠিকনাও ৰাজহুৱা কৰিছিল।

অসমীয়া মানুহৰ আবেগ ধানখেৰৰ জুই নেকি?

অসম চুক্তি ৰূপায়ণৰ সন্দৰ্ভত আমি কিমান সজাগ? অসমীয়া খিলঞ্জীয়া লোকৰ সাংবিধানিক ৰক্ষা কৱচৰ দৰে বিষয়ত আমি উদাসীন নেকি? অসম চুক্তিৰ ৬নং দফাৰ কাৰ্যকৰীৰ বাবে গঠন কৰা উচ্চস্তৰীয় কমিটীখনৰ ওচৰত ১১ ছেপ্টেম্বৰ, ২০১৯লৈকে ৫০টা মানহে পৰামৰ্শ বা মতামত আহিছিল।

এই কমিটীৰ সৈতে জড়িত এক সূত্ৰই সেই মতামতসমূহৰ সন্দৰ্ভত জানিবলৈ দিয়া মতে, ইয়াৰে ৩টা মান পৰামৰ্শহে বিষয়বস্তৰ গভীৰতাক উপলব্ধি কৰিব পাৰিছে।