অসম

সপ্তম অসম বেটেলিয়নৰ কৰ্মচাৰীৰ দ্বাৰা কিশোৰীক জঘন্য নিৰ্যাতন…

asomiyapratidin

ডিজিটেল সংবাদ, কোকৰাঝাৰঃ কোকৰাঝাৰ চৰাইখোলাস্থিত সপ্তম অসম বেটেলিয়নৰ চতুৰ্থ বৰ্গৰ কৰ্মচাৰী শোভা ঠাকুৰে(৫৩) দীৰ্ঘদিন ধৰি নাৱালিকা এগৰাকীক ধৰ্ষণ কৰি অহাৰ ঘটনা শেহতীয়াভাৱে পোহৰলৈ অহাত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। কোকৰাঝাৰ সদৰ থানাত শিশু কল্যাণ সমিতিৰ সদস্য তথা সাংবাদিক প্ৰীতম ব্ৰহ্ম চৌধুৰীয়ে দাখিল কৰা এজাহাৰ অনুসৰি সপ্তম অসম বেটেলিয়নৰ চতুৰ্থ বৰ্গৰ কৰ্মচাৰী শোভা ঠাকুৰে(৫৩) দীৰ্ঘদিন ধৰি নাৱালিকা এগৰাকীক ধৰ্ষণ কৰি আছিল ।

দশম শ্ৰেণীত পঢ়ি থকা নাৱালিকা গৰাকীক দীৰ্ঘদিন ধৰি শোভা ঠাকুৰে বলাৎকাৰ কৰি অহাৰ পৰিণতিতে নাৱালিকাগৰাকীয়ে দুবাৰকৈ আত্মহত্যাৰ প্ৰচেষ্ঠা চলাইছিল আৰু ঘটনা সন্দৰ্ভত নিজ পিতৃ মাতৃক অৱগত কৰিছিল যদিও কোনো সুফল লাভ কৰা নাছিল। অৱশেষত উক্ত দূৰ্বিষহ জীৱনৰ পৰা মুক্তি লাভৰ আশাৰে সমগ্ৰ ঘটনা সন্দৰ্ভত তাইৰেই এগৰাকী বান্ধৱীক হোৱাটচএপ যোগে অৱগত কৰাৰ পিছতেই ঘটনাটো পোহৰলৈ আহে।

আৰক্ষীয়ে ইতিমধ্যে এজাহাৰৰ ভিত্তিত কোকৰাঝাৰ সদৰ থানাত এক গোচৰ (নং ৩৭৩/২০২১)ৰজু কৰি ভাৰতীয় দণ্ডবিধি আইনৰ ৩৭৬এবি আৰু পকচো (pocso)আইনৰ অধীনত গোচৰ ৰজু কৰি অভিযুক্ত শোভা ঠাকুৰক গ্ৰেপ্তাৰ কৰিছে । ইফালে, কোকৰাঝাৰ সদৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া দীপক শইকীয়াই কালি নিশাই অভিযুক্তক গ্ৰেপ্তাৰ কৰা বুলি সদৰি কৰিছে ।

বৰ্তমানে ঘটনাটোৰ তদন্ত অব্যাহত আছে আৰু দোষীৰ বিৰুদ্ধে আইনঅনুসাৰে ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি সদৰি কৰিছে। প্ৰণিধানযোগ্য যে, নাৱালিকা কিশোৰীগৰাকীৰ পিতৃ-মাতৃৰ সৰুতেই পিতৃ মাতৃৰ বিয়োগ ঘটাত সপ্তম অসম বেটেলিয়নত কৰ্মৰত এটা পৰিয়ালে নিজৰ কন্যা হিচাপে তুলি লৈছিল ।