অসম

ৰাজ্যত হ’ব আৰু ৩ খন মেডিকেল কলেজৰ আধাৰশিলা

asomiyapratidin

ডিজিটেল ডেস্কঃ ৰাজ্যৰ চিকিৎসাখণ্ডলৈ সুখবৰ। ৰাজ্যত স্থাপন হ'ব ৩ খন নতুন মেডিকেল কলেজ, লগতে ৭ জানুৱাৰীত নলবাৰীত স্থাপন কৰা হ'ব মেডিকেল কলেজৰ আধাৰশিলা। বুধবাৰে এই ঘোষণা কৰিলে ৰাজ্যৰ স্বাহ্যমন্ত্ৰী হিমন্তবিশ্ব শৰ্মাই।

বুধবাৰে স্বাহ্যমন্ত্ৰীগৰাকীয়ে লগতে ঘোষণা কৰে যে ২০১৯ৰ ৬ জানুৱাৰীত কোকৰাঝাৰ আৰু ৯ জানুৱাৰীত তিনিচুকীয়া মেডিকেল কলেজৰ আধাৰশিলা স্থাপন কৰা হ'ব।

স্বাহ্যমন্ত্ৰী গৰাকীয়ে লগতে চাহ বাগিচা ধন পুৰষ্কাৰ মেলাক লৈও ঘোষণা কৰি কয় যে 'পুনৰ ২,৫০০ টকাকৈ লাভ কৰিব চাহ শ্ৰমিকে। ১৫ জানুৱাৰীত চাহশ্ৰমিকক এই ধনৰাশি প্ৰদান কৰা হ'ব।'