অসম

‘অসমীয়া প্ৰতিদিন’ৰ চৈয়দ ৰবিউল হকক মহাত্মা গান্ধী ৰাষ্ট্ৰীয় বঁটা প্ৰদান…

asomiyapratidin

ডিজিটেল সংবাদ, গুৱাহাটী: কটন বিশ্ববিদ্যালয়ৰ প্ৰেক্ষাগৃক্ষত শনিবাৰে আয়োজিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত ৰাজ্যিক সামাজিক ন্যায় আয়োগে ২০১৯ বৰ্ষৰ মহাত্মা গান্ধী ৰাষ্ট্ৰীয় বঁটা বাঁহী বাদক দীপক শৰ্মাকে ধৰি কেইবাগৰাকীয় বিশিষ্ট ব্যক্তিক প্ৰদান কৰে।

নীতিনিষ্ঠ সাংবাদিকতাৰে সমাজ নিৰ্মাণৰ ক্ষেত্ৰত আগবঢ়োৱা অৱদানলৈ স্বীকৃতি হিচাপে 'অসমীয়া প্ৰতিদিন'ৰ কৃষ্ণাইস্থিত সাংবাদিক চৈয়দ ৰবিউল হকলৈ এই বটা প্ৰদান কৰে।এই বঁটাত আছে এখন চেলেং চাদৰ,এটা স্মাৰক,মেডেল এটা আৰু এখন মান পত্ৰ।

ড' এছ আই চৌধুৰীৰ পৌৰোহিতত অনুষ্ঠিত সভাত বঁটা প্ৰদান কৰে গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধ্যাপিকা ড'মৃদুলা বৰুৱা আৰু পৰিবেশ বিজ্ঞানী মহিধৰ পাঠকে।