অসম

৮ জানুৱাৰীত গুৱাহাটী গ্ৰন্থমেলাত উন্মোচন হ’ব অসমীয়া প্ৰতিদিন ডিজিটেলৰ নিৰ্বাচিত বিশেষ লেখাৰ সংকলন…

asomiyapratidin

ডিজিটেল ডেস্ক : অসমীয়া প্ৰতিদিনৰ ডিজিটেল সংস্কৰণত প্ৰতিদিনাই সম্প্ৰতিক বিষয় বস্তুক লৈ প্ৰকাশ পাই বিশেষ লেখা। প্ৰায় সহস্ৰাধিক বিশেষ লেখাৰ মাজৰ পৰা নিৰ্বাচিত কিছু বিশেষ লেখাৰে এইবাৰ গুৱাহাটী গ্ৰন্থমেলাৰ বতৰতে পাঠকলৈ আগবঢ়োৱা হৈছে অসমীয়া প্ৰতিদিনৰ ডিজিটেল সংস্কৰণৰ নিৰ্বাচিত বিশেষ লেখা সংকলন- 'সময়ৰ গদ্য আৰু অন্যান্য' ।

প্ৰায় ৩০০ পৃষ্ঠাৰ এই সংকলনটি অহা ৮ জানুৱাৰী ২০২১ত গুৱাহাটী গ্ৰন্থমেলাত উন্মোচন কৰা হ'ব । সংকলনটি উন্মোচন কৰিব মাই নিউজৰ মুখ্য সম্পাদক তথা বিশিষ্ট লেখক,সাংবাদিক প্ৰণয় বৰদলৈ, টাইম ৮ ৰ মুখ্য সম্পাদক পৰাগমণি আদিত্য,প্ৰতিদিন টাইমৰ পৰিচালন সম্পাদক স্মিতাক্ষী বি গোস্বামীয়ে ।

চানমাৰী অভিযান্ত্ৰিক খেলপথাৰত অনুষ্ঠিত হৈথকা ৩৩ সংখ্যক গুৱাহাটী গ্ৰন্থমেলাৰ মুখ্য মঞ্চত দিনৰ ১১ বজাত এই সংকলনটি উন্মোচন কৰা হ'ব । উক্ত উন্মোচনী অনুষ্ঠানত ভালে কেইগৰাকী বিশিষ্ট অতিথি উপস্থিত থাকিব ।

৮ জানুৱাৰীৰ পৰাই গুৱাহাটী গ্ৰন্থমেলাৰ বিপনীত উপলব্ধ হ'ব এই গ্ৰন্থ । অলিম্পিয়া প্ৰকাশনৰ হৈ চিৰঞ্জীৱ শৰ্মাই প্ৰকাশ কৰা এই সংকলটিৰ মূল্য মাত্ৰ ২০০ টকা ।