অসম

নীলকণ্ঠী উপন্যাসৰ বাবে বিশ্বজ্যোতি শৰ্মালৈ অসম সাহিত্য সভাৰ বিশেষ যুৱ সাহিত্য বঁটা, অইল ইণ্ডিয়ালৈও সন্মান…

asomiyapratidin

ডিজিটেল ডেস্কঃ যোৰহাট জিলাৰ তিতাবৰৰ প্ৰাগজ্যোতিকা একাডেমীৰ ৰসায়ন বিজ্ঞান বিভাগৰ মুৰব্বী অধ্যাপক তথা উদীয়মান গল্পকাৰ-উপন্যাসিক বিশ্বজ্যোতি শৰ্মালৈ আগবঢ়োৱা হৈছে অসম সাহিত্য সভাৰ সিংহপুৰুষ ৰাধাগোবিন্দ বৰুৱা বিশেষ যুৱ সাহিত্য বঁটা। বিশিষ্ট সমালোচক তথা ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ইংৰাজী বিভাগৰ অৱসৰপ্ৰাপ্ত অধ্যাপক ডঃ আনন্দ বৰমুদৈ আৰু তেখেতৰ সহধৰ্মিনী সদ্য প্ৰয়াত সাহিত্য অকাডেমিৰ বঁটাপ্ৰাপক পূৰৱী বৰমুদৈৰ বৰ্ণিল জীৱন আধাৰিত গুৱাহাটীৰ এম আৰ পাব্লিকেশ্যনৰ দ্বাৰা প্ৰকাশিত নৱতম উপন্যাস 'নীলকণ্ঠী'ৰ বাবে শৰ্মালৈ আগবঢ়োৱা হৈছে এই বঁটা।

সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এক বিবৃতিত সভাৰ প্ৰধান সম্পাদক পদুম ৰাজখোৱাই জানিবলৈ দিয়া মতে, বৃহস্পতিবাৰে কটন বিশ্ববিদ্যালয়ৰ সহযোগত অসম সাহিত্য সভাৰ উদ্যোগত সাহিত্য সভাৰ গুৱাহাটীৰ কাৰ্যালয়ত এক অনুষ্ঠানত তেওঁক প্ৰদান কৰা হ'ব এই বঁটা। ৰাধাগোবিন্দ বৰুৱাৰ জন্ম জয়ন্তীৰ সৈতে সংগতি ৰাখি তেওঁৰ পুত্ৰ তথা 'দৈনিক অসম' কাকতৰ সম্পাদক প্ৰফুুল্ল গোবিন্দ বৰুৱাই বিশ্বজ্যোতি শৰ্মাক এই বঁটা প্ৰদান কৰিব।

ইফালে বিবৃতিটোত উল্লেখ কৰা অনুসৰি একেটা অনুষ্ঠানতে দুলীয়াজানৰ অইল ইণ্ডিয়ালৈ অসম সাহিত্য সভাৰ সভাপতিৰ বিশেষ সন্মান 'ভাষা শ্বহীদ ৰঞ্জিত বৰপূজাৰী বঁটা' আগবঢ়োৱা হ'ব। অসম সাহিত্য সভাৰ সভাপতি ডঃ পৰমানন্দ ৰাজবংশীয়ে অইল ইণ্ডিয়াক এই বঁটা প্ৰদান কৰিব।